অসমৰ সোণোৱাল কছাৰীসকলৰ এটি চমু পৰ্যালোচনা
স্মৃতি ৰেখা দত্ত
প্ৰাক্তন সভানেত্ৰী,
মাজুলী জিলা লেখিকা সমাৰোহ সমিতি,
ভাৰতবৰ্ষৰ পূৰ্ৱখণ্ডত অৱস্থিত সুজলা-সুফলা প্ৰাকৃতিক সৌন্দৰ্যৰ লীলাভূমি৷ নদীমাতৃক দেশ অসম৷ আয়তনৰ ফালৰ পৰা ক্ষুদ্ৰ হ’লেও পৃথিৱীৰ প্ৰায় বিভিন্ন নৃ-গোষ্ঠীৰ লোকেই অতীতৰ পৰা বৰ্তমানলৈকে প্ৰাকৃতিক সৌন্দৰ্য, সাৰুৱা কৃষি ভূমি, নাতিশীতোষ্ণ জলবায়ুৰ দ্বাৰা আকৃষ্ট হৈ অসমৰ ভূমি ভাগলৈ প্ৰৱৰ্জিত হৈছিল আৰু বৰ্তমান পৰ্যন্ত হৈয়ে আছে৷ সোণোৱাল কছাৰীসকল পূবৰ্ৰ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত ধৰ্মীয় শাখাৰ আৰ্য ধৰ্মীৰ উপশাখাৰ বড়ো নাগাৰ অন্তৰ্গত বড়ো উপভাগৰ কছাৰী ভাষা৷ বিভিন্ন জাতি গোষ্ঠীৰ মিলন ভূমি অসমৰ খিলঞ্জীয়া অধিবাসীসকলৰ ভিতৰত সোণোৱাল কছাৰীসকল অন্যতম৷ তিব্বত ধৰ্মীয় ভাষা পৰিয়ালৰ তিব্বতীয় ভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া জাতি গঠনত হাডে.-হিমজুৱে লাগি অৰিহণা যোগোৱা সোণোৱাল কছাৰী শদিয়া অঞ্চলৰ শাসক বুলি দাবী কৰা জনগোষ্ঠীটোৰ কোনো লিখিত বুৰঞ্জী নাই৷ জনগোষ্ঠীটোৰ লোক সাহিত্যৰ অন্যতম সম্পদ ‘হাইদাং গীত’ আৰু বিভিন্ন লোকগীত, লোক-কথাৰ মাজত পোৱা সমলৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকৰ এটা ঐতিহাসিক সমল নিৰ্ণয় কৰিব পাৰি৷
সোণোৱাল কছাৰীসকলৰ জনজাতীয় বৈশিষ্ট্য ঃ
মঙ্গোলীয় প্ৰজাতিৰ কিৰাত নামাৰে পৰিচিত এই জনজাতিসকলে অনুসূচিত জনজাতিৰ বাবে ভাৰত চৰকাৰে দিয়া সুবিধাকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু ২০০৬ বৰ্ষত অসম চৰকাৰৰ পৰা স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰিছে৷ তেওঁলোকৰ মাজত অন্যান্য মঙ্গোলীয় লোকৰ দৰে জনজাতীয় চৰিত্ৰবোৰ বিদ্যমান৷
১৷ তাঁত শালৰ বহুল প্ৰচাৰ৷ সোণোৱাল কছাৰীসকলে ঘৰতে নিজৰ প্ৰয়োজনীয় বস্ত্ৰসমূহ এডি., মুগা, কপাহী আদি সূতাৰে তৈয়াৰ কৰি লয়৷
২৷ ঘৰতে পানীয় [মদ, সাজ] তৈয়াৰ কৰি দৈনন্দিন তথা পূজা-পাবৰ্ন আদিত ব্যৱহাৰ কৰে৷
৩৷ প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে - জীৱ-জন্তু, গছ-গছনি, নদ-নদী আদিক পূজা কৰে৷
৪৷ সোণোৱাল কছাৰীসকলৰ মাজত কাঠ, বাঁহ, বেতৰ ঘৰুৱা সা-সামগ্ৰীৰ ব্যৱহাৰ দেখা পোৱা যায়৷
৫৷ বিভিন্ন বনৰীয়া গছ বা পাত আদিক শাক হিচাপে ভক্ষণ কৰাৰ উপৰিও বাইথ’ পূজা, স্বৰ্গদেউ পূজা ইত্যাদিত ব্যৱহাৰ কৰা দেখা যায়৷
৬৷ কৃষি বা ঘৰুৱা প্ৰায় সকলোবোৰ কামত পুৰুষৰ লগতে মহিলাও সমানে নিয়োজিত হয়৷
৭৷ তেওঁলোকৰ মাত কথাত অনাৰ্য ভাষাৰ সুৰ পোৱা যায়৷
৮৷ জনজাতিসকলৰ অন্যতম বৈশিষ্ট্য তামোল-পাণৰ বহুল ব্যৱহাৰ তেওঁলোকৰ মাজতো পোৱা যায়৷
৯৷ সোণেৱাল কছাৰীসকলৰ গাঁওবুঢ়াকে মুখ্য কৰি কাৰিক, গীতঘাই, আৰ্শীবদীয়া আদি বিভিন্ন পদধাৰী লোকেৰে সমাজ পৰিচালিত হয়৷
১০৷ তেওঁলোকৰ মাজত কঠোৰ সামাজিক অনুশাসন দেখিবলৈ পোৱা যায়৷
১১৷ জনজাতীয় পৰম্পৰাৰ সাধাৰণ বৈশিষ্ট্য পূজা-পাতল বা ধমীৰ্য় কাম-কাজত নিজস্ব জনজাতীয় পুৰোহিতৰ দ্বাৰা কাৰ্য সম্পাদন কৰা হয়৷
১২৷ জনজাতি হিচাপে গাখীৰৰ ব্যৱহাৰ কম, তাৰ পৰিৱৰ্তে মদৰ প্ৰচলন বেছি৷
১৩৷ বিভিন্ন ধৰণৰ পোক-পৰুৱা, পলু ইত্যাদি তেওঁলোকে খাদ্য হিচাপে ব্যৱহাৰ কৰে৷
১৪৷ অম্বুবাসী, বিহু ইত্যাদি পালন কৰে৷
সামাজিক জীৱন ঃ
সোণোৱাল কছাৰীসকল সহজ-সৰল আৰু সমাজপ্ৰিয়৷ সামাজিক প্ৰাণী হিচাপে তেওঁলোকৰ মাজত যথেষ্ট বুজাবুজি আছে৷ ৰাজহুৱা প্ৰতিটো অনুষ্ঠানতে তেওঁলোকে নিষ্ঠা সহকাৰে পৰস্পৰে পৰস্পৰক সহায় সহযোগ কৰে৷ সোমোৱাল কছাৰীসকলৰ চৈধ্যতা বংশ যদিও সময়ৰ বিৱৰ্তনত নতুন নতুন বংশৰ জন্ম হৈ বৰ্তমান প্ৰায় ত্ৰিশটা বংশত পৰিণত হৈছেহি৷
সোণোৱাল কছাৰীসকলৰ সমাজব্যৱস্থা গণতান্ত্ৰিক আৰু সু-শৃংখলিত৷ সমাজৰ বিভিন্ন দায়িত্ব পালনৰ বাবে প্ৰয়োজনীয় সকলো পদবী ব’হাগ মাহৰ পহিলা দিনটোত গাঁৱৰ নামঘৰত সমগ্ৰ গাঁওবাসীৰ সন্মুখত বাছনি কৰি লোৱা হয়৷ অতীতৰ পৰাই সোণোৱাল কছাৰীসকল পিতৃপ্ৰধান সমাজ ব্যৱস্থাৰে চলি আহিছে৷ পৰিয়ালৰ সকলো কাম-কাজ, সিদ্ধান্ত মুৰব্বীজনৰ নিৰ্দেশত পালিত হয়৷ পুৰুষপ্ৰধান সমাজ ব্যৱস্থা হ’লেও নাৰীসকলৰ স্থান উচ্ছ আছিল৷ নাৰীসকলে ঘৰুৱা কাম-কাজ, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধমীৰ্য় তথা আন আন উৎপাদনমুখী কাম-কাজত পুৰুষৰ সৈতে সমানে সমানে আত্মনিয়োগ কৰি জীৱনৰ গতিধাৰা বতাৰ্ই ৰাখে৷
সোণোৱাল কছাৰীসকলৰ লোক সাহিত্য ঃ
সোণোৱাল কছাৰীসকলে অন্যান্য লোকসাহিত্য সমূহৰ সমামন্তৰালকৈ গীতৰ মাজেৰেও নিজস্ব ঐতিহাসিক পৰিচয় দাঙি ধৰি সাহিত্যৰ পথাৰখন নদন-বদন কৰি ৰাখিবলৈ সক্ষম হৈছে৷ জনগোষ্ঠীটোৰ শৌৰ্য-বীৰ্য, ৰীতি-নীতি, নানান লোকাচাৰ, ধমীৰ্য় বিশ্বাস আৰু পৰম্পৰাৰ ছবি তেওঁলোকৰ লোক সাহিত্যত প্ৰতিফলিত হৈছে৷ বৰ্তমানলৈকে প্ৰাপ্ত লোক-সাহিত্য সমূহ হ’ল - হাইদাং গীত, হুচৰি, বহুৱা নৃত্যৰ গীত, আই নাম, বিয়ানাম, ধাইনাম, লখিমীনাম, অপেশ্বৰী নাম, গোঁসাইনাম, ফুলকোঁৱৰ, মণিকোঁৱৰ গীত, জনাদৈ গাভৰু গীত, মৰণা মৰা গীত, বিহুগীত, তৰাচিগা গীত আদি অন্যতম৷
সোণোৱাল কছাৰীসকলৰ ধমীৰ্য় পৰম্পৰাঃ
সোণোৱাল কছাৰীসকলৰ ধমীৰ্য় দিশটো বৰ চিত্তাকৰ্ষক৷ তেওঁলোকৰ মাজ শাক্তপন্থী শিৱ আৰু বৈষ্ণৱ এই দুই ধৰ্মৰ এক মিশ্ৰণ লক্ষ্য কৰা যায়৷ তেওঁলোকে শিৱ আৰু বিষ্ণু এই দুয়োটা পন্থাকে অতি সুন্দৰ আৰু সহিষ্ণুতাৰে পালন কৰি আহিছে৷ ১৬১৬ শকত কেশৱ দেৱ গোসাঁয়ে নৱবৈষ্ণৱ ধৰ্মত দিক্ষিত কৰাৰ পাছৰ পৰাই সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শ গ্ৰহণ কৰে আৰু এক অপৰিহাৰ্য অংগ হিচাপে বিশেষ ভূমিকা পালন কৰি আহিছে৷
সোণোৱাল কছাৰীসকলৰ উৎসৱ পাবৰ্ণ ঃ
এটা সু-সভ্য জাতি গঢ. লৈ উঠে নিজস্ব ভাষা, কলা, সংস্কৃতি তথা অতীত সমাজক লৈ৷ বাইথ’ পূজা সোণোৱাল কছাৰীসকলৰ প্ৰধান ধমীৰ্য় উৎসৱ৷ চ’তৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে ৰাতি দেও নমোৱা হয়৷ সোমবাৰে বলি বিধান, পূজা-পাতল আদি আনুষ্ঠানিক কামবোৰ কৰি সকলোৰে মঙ্গলৰ বাবে হাইদাং গীত পৰিৱেশনেৰে মন্দিৰৰ পূজা পাতল সমাপ্ত কৰা হয়৷ উজনি অসমৰ ‘ডাঙৰী’ অঞ্চলৰ বৰপথাৰ গাঁৱত অৱস্থিত বাইথ’ মন্দিৰত বণাৰ্ঢ্য পৰিৱেশৰ মাজত এই উৎসৱটি পালন কৰা হয়৷ হাইদাং গীত সোণোৱাল কছাৰীসকলৰ প্ৰথম আৰু অতি প্ৰাচীন গীত৷
বিহু সোণোৱাল কছাৰীসকলৰ প্ৰধান উৎসৱ৷ তাৰোপৰি বহুৱা, নাচ, হগ্ৰা নৃত্য আদিও আছে৷ পূবৰ্ পৰম্পৰা অনুসৰি স্বৰ্গদেউ পূজা, বাঘদেউ পূজা, গজাই মনাই পূজা, আয়ু তোলা, গৰখীয়া সবাহ আদি পালন কৰা হয়৷
সোণোৱাল কছাৰীসকলৰ লোকবিশ্বাসঃ
সোণোৱাল কছাৰীসকলৰ মাজত কিছুমান লোকবিশ্বাস আছে৷ মানুহ মৰাৰ পিছত লগা পুহকৰ, ঘৰ লোৱা, ভেটি চোৱা, ঘৰ সজা, গুটি সিঁচা, শস্য ৰোৱা, মঙ্গলবাৰে বাঁহ নকটা, ঘৰৰ যিকোনো লোক দূৰলৈ গ’লে মজিয়াৰ চৌকাত সেৱা কৰি যোৱা, খৰাং হ’লে ভেকুলী বিয়া পতা ইত্যাদি অনেক লোক বিশ্বাস সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত৷
সোণোৱাল কছাৰীসকলৰ শিল্পকলাঃ
পৃথিৱীৰ প্ৰতিখন সমাজতে বহতো লোকশিল্প দেখিবলৈ পোৱা যায়, যিবোৰে সেই সমাজৰ অতীতৰ পৰা বৰ্তমানলৈকে জীৱন পথ সুগম কৰি ৰাখে৷ সোণোৱাল কছাৰীসকল লোকশিল্পত যথেষ্ট আগবঢ়া৷ স্বৰ্ণ আহৰণ শিল্পৰ জৰিয়তে তেওঁলোকে অসমৰ ৰাজকোষলৈ বুজন পৰিমাণৰ অহিৰণা যোগাইছে৷ ইয়াৰ উপৰিও ৰূপ আহৰণ, লোণ আহৰণ, বয়ন শিল্প, তেলপেৰা শিল্প, কৃষি শিল্প, বাঁহ-বেত শিল্প, গৃহস্থি শিল্প ইত্যাদিত যথেষ্ট আগবঢ়।
সোণোৱাল কছাৰীসকলৰ লোক-চিত্ৰকলাঃ
অসমৰ গুৱাহাটী, তেজপুৰ, ডিমাপুৰ আৰু বৰ্তমান ব্ৰহ্মপুত্ৰই নিঃচিহ্ন কৰা শদিয়াৰ ওচৰৰ পূবৰ্ৰ কুণ্ডিল নগৰৰ চিত্ৰ ভাস্কৰ্যবোৰ পূবৰ্ৰ কছাৰী জাতিৰ চিত্ৰ ভাস্কৰ্যৰ উজ্জ্বল চানেকি৷ সোণোৱাল কছাৰীসকল কছাৰীৰেই উত্তৰ পুৰুষ৷ সেয়ে তেওঁলোকো ইয়াৰ উত্তৰাধিকাৰী৷ সোণোৱাল কছাৰীসকল চিত্ৰকলাত অতীতৰে পৰাই অতি পাৰ্গত৷ শিপিনীসকলে তাঁতশালৰ জৰিয়তে ৰিহা, মেখেলা, চেলেং, চাদৰ আদি বিবিধ কাপোৰত বিভিন্ন ধৰণৰ ফুল বাছে৷ সেইবোৰতো সোণোৱাল কছাৰীসকলৰ চিত্ৰকলাৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়৷
সোণোৱাল কছাৰীসকলৰ খাদ্য প্ৰণালীঃ
মানুহ জীয়াই থাকিবলৈ খাদ্য অপৰিহাৰ্য৷ অসমৰ প্ৰাকৃতিক পৰিৱেশত উৎপাদন হোৱা বিভিন্ন প্ৰকাৰৰ ধানৰ পৰা প্ৰস্তুত কৰা চাউলৰ ভাত আৰু নানা তৰহৰ জা-জলপান তৈয়াৰ কৰি সোণোৱাল কছাৰীসকলে খাদ্য হিচাপে গ্ৰহণ কৰে৷ পানীয় হিচাপে তেওঁলোকে ঘৰতে চাউলৰ পৰা তৈয়াৰ কৰা মদ ব্যৱহাৰ কৰে৷ আনকি সামাজিক কৰ্মতো এই মদ ব্যৱহাৰ কৰা হয়৷
সোণোৱাল কছাৰীসকলৰ পোছাক পৰিচ্চদঃ
সকলো জাতি-জনগোষ্ঠীৰ দৰে সোণোৱাল কছাৰীসকলৰো নিজা বৈশিষ্ট্যপূৰ্ণ পৰম্পৰাগত সাজ পোছাক দেখিবলৈ পোৱা যায়৷ সোণোৱাল কছাৰীসকলৰ পুৰুষৰ প্ৰধান সাজ হ’ল চুৰিয়া, গাত খৰা চোলা, মূৰত পাগুৰি আৰু গাত চেলেং চাদৰ৷ বিশেষ অনুষ্ঠানত মুগাৰ চুৰিয়া, পাট-মুগাৰ পাগুৰি আৰু শীতকালত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ এডি. কাপোৰ ব্যৱহাৰ কৰে৷ দৰা হওঁতে মুগাৰ চুৰিয়া, চাপকন, মূৰত পাগুৰি, গাত চোলাৰ উপৰিও চাদৰৰ দৰে এখন ‘দৰা উৰা’ কাপোৰ মেৰিয়াই লয়৷ অৱশ্যে বৰ্তমান সোণোৱাল কছাৰী লোকসকলৰ অধিকাংশই পৰম্পৰাগত সাজ-পোছাকৰ পৰিৱৰ্তে আধুনিক সাজ-পোছাকহে অধিক পৰিধান কৰা দেখা যায়৷
মহিলাসকলেও ফুলবচা, বুটাবচা মেখেলা-চাদৰ, চেলেং চাদৰ একঠীয়া খনীয়া কাপোৰ আদি পৰিধান কৰে৷ মহিলাসকল বিয়াত কইনা হ’লে মূৰত মিহি কাঠিৰ ফুলজাপি, গাত ৰিহা, মেখেলা চাদৰৰ উপৰিও ‘কইনা সজোৱা কাপোৰ’ বুলি এবিধ সুকীয়া চাদৰ গাত মেৰিয়াই লোৱাৰ লগতে মূৰত গামোচা মাৰে৷ মহিলাসকলে সোণ-ৰূপৰ আ-অলংকাৰো পৰিধান কৰা দেখা যায়৷
অসমীয়া জাতি গঠনত সোণোৱাল কছাৰীসকলৰ অৱদান যথেষ্ট আছে৷ সেয়ে অসমীয়া বিভিন্ন ভাষা, সাহিত্য আৰু সংস্কৃতিৰ মাজতে এটি প্ৰধান অংগ হৈ সোণোৱাল কছাৰীসকল জীয়াই থাকিব৷
সহায়ক গ্ৰন্থপঞ্জী ঃ
ক] সোণোৱাল কছাৰী সংস্কৃতি
খ] জনজাতি সমাজ সংস্কৃতি [সম্পাঃ] - পদ্ম পাটৰ৷
গ] অসমৰ জনজাতি [সম্পাঃ] - প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য৷







Post a Comment