Header Ads

জন জাগৰণত সংবাদপত্ৰৰ ভূমিকা আৰু সুস্থ সমাজ গঠনত নিৰপেক্ষ সাংবাদিকতাৰ প্ৰয়োজনীয়তা


 

 বুলটন গগৈ

 

                গণতান্ত্ৰিক জীৱন ধাৰাত সংবাদ পত্ৰক বিশ্বৰ সবাটোকৈ সুগম আৰু পুৰণি মাধ্যম হিচাবে আখ্যা দিয়া হৈছে৷ বিশেষকৈ তথ্য সৰবাহ, যোগাযোগৰ ব্যৱস্থা, সংবাদ প্ৰযুক্তি বিদ্যা তথা বিজ্ঞানৰ কৌশল উদ্ভাৱনে একোখন সমাজৰ আন্তঃ গাঁথনি উন্নয়নৰ প্ৰতি সংবাদ পত্ৰক অধিক দায়িত্বশীল কৰি তুলিছে৷ জীৱশ্ৰেষ্ঠ মানুহৰ জনাৰ আগ্ৰহ বা কৌতূহলৰ সীমা নাই৷ এনে কৌতূহল এতিয়া একোখন নিৰ্দিষ্ট গাওঁ, অঞ্চলতে সীমাৱদ্ধ অৱস্থাত নাথাকি ধাৱিত হৈছে এখন ৰাজ্যলৈ, ৰাজ্যৰ পৰা দেশ-দেশান্তৰৰ অন্তত বিশ্বৰ বিভিন্ন প্ৰান্তলৈ৷ মানৱ জাতিৰ এনে কৌতূহলৰ ওপৰত ভিত্তি কৰিয়েই আৰ্ৱিভাৱ হৈছে সংবাদ পত্ৰ বা বাতৰি কাকত৷ মনত লুপ্ত প্ৰায় হৈ থকা কৌতূহলী মনক সান্ত্বনা দিয়াৰ একমাত্ৰ অচিলতে সম্প্ৰতি সংবাদ জগতখনে আজি দ্ৰুত গতিত সম্প্ৰসাৰিত হৈ আন এক জনজাগৰণ সৃষ্টিৰে গাৱেঁ ভূঞে, নগৰে চেহৰে ছানি ধৰিছে৷ সংবাদ পত্ৰৰ মূল মন্ত্ৰ সত্য প্ৰচাৰ আৰু সত্যক একান্তভাৱে সমাজত প্ৰতিষ্ঠা কৰা৷ সমাজ বা পৃথিৱীত ঘটা যিকোনো ঘটনা বা ঘটনা সম্পৰ্কত সম্পূৰ্ণ বস্তুনিষ্ঠ, সত্য আৰু স্পষ্ট বাতৰি পৰিবেশনেই একোখন সংবাদ পত্ৰৰ পথেয় স্বৰূপ৷ বাতৰি প্ৰকাশৰ দ্বাৰা মানুহক সজাগ বা জ্ঞাত কৰি তোলাটোৱেই সংবাদপত্ৰৰ প্ৰথম লক্ষ্য৷ অৱশ্যে তাৰ সমানুপাতিকভাৱে শিক্ষাদান বা আনন্দ প্ৰদান কৰিব পৰাটো সংবাদ পত্ৰৰ বা অনান্য সংবাদ মাধ্যমৰ অতিৰিক্ত দায়িত্ব৷ যিদৰে অতিৰিক্ত আনন্দ প্ৰদান সংবাদ পত্ৰবþ একমাত্ৰ লক্ষ্য নহয় সেইদৰে সমাজৰ নিম্ন ৰুটি সম্পন্ন অথবা ঘৃণনীয় ঘটনাবোৰৰ ওপৰতেই ৰহণ সনা বাতৰি পৰিবেশন কৰি সমাজক বিপথে পৰিচালিত কৰাটো সংবাদ পত্ৰৰ লক্ষ্য নোৱাৰে৷ সাহিত্য বা সংগীতৰ যি কোনো অংগৰ দৰে সংবাদ পত্ৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য সত্য, সুন্দৰ আৰু মংগলক প্ৰাধান্য দিয়া৷ বৰ্তমান যেুগত সংবাদপত্ৰ বস্তুতঃ একোখন সমাজৰ বাবে এখন দৰ্পনৰ দৰেই কাম কৰি আহিছে৷ এখন গণতান্ত্ৰিক দেশত যেতিয়া জনগণে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায় পালিকাৰ দ্বাৰা নিজৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হৈছে বুলি স্পষ্ট অনুভৱ কৰে তেতিয়া তেওঁলোকৰ শেষ আস্থা স্থাপিত হয় সংবাদ মাধ্যমৰ ওপৰত৷ সেইবাবেই সংবাদপত্ৰক গণতন্ত্ৰৰ চতুৰ্থ স্তমভ হিচাৱে আখ্যা দিয়া হৈছে৷ জনসাধাৰণৰ বিবেকক তদন্ত্ৰ প্ৰহৰী হিচাবে সংবাদপত্ৰই যিহেতু দায়িত্ব পালন কৰিব লগা হয় তেনে স্বৰ্ত্তত সংবাদপত্ৰই ৰাইজৰ পক্ষত তাকি ৰাইজৰ সেৱাৰ অৰ্থে ৰাইজৰ কামত অহাকৈ খোপনী পিটি আগবঢ়াটো অত্যন্ত দৰকাৰী বিষয়৷ একোখন সংবাদপত্ৰক আজিকালি একোখনি বিশ্ববিদ্যালয় বা বিশ্ব কোষৰ লগত ৰিজোৱা হয়৷ যিহেতু বিশ্ববিদ্যালয়ত ভূগোল আৰু পদাৰ্থ বিজ্ঞানৰ পৰা সাহিত্য আৰু দৰ্শনলৈকে অথবা আন্তজাৰ্তিক বাণিজ্য বা প্ৰযুক্তি কৌশল আৰু জ্যোতি বিদ্যালৈকে সকলো বিষয়ৰ ওপৰত চিন্ত চচাৰ্ হয় আৰু প্ৰশিক্ষণৰ সুব্যৱস্থা কৰা হয়৷ থিক সেইদৰে এখন বিশ্বকোষত থকাৰ দৰে এখন সংবাদপত্ৰৰ সন্নিবিষ্ট সংকলন সমূহতো বিশ্বৰ সকলো ধৰণৰ তথ্য আৰু সকলো বিষয়ৰ বৰ্ণনা পৰ্যায়ক্ৰমে প্ৰকাশ পায়৷ সমাজৰ দূৰ্ণীতি আৰু সকলো ধৰণৰ অপ-সংস্কৃতিৰ পৰা মুক্ত কৰি থকাৰ ক্ষেত্ৰত সংবাদপত্ৰ সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লগীয়া হয়৷ যিহেতু সংবাদপত্ৰৰ সামগ্ৰিক সত্তা নিভ¹, নিৰপেক্ষ, সত্যনিষ্ঠ আৰু বিশ্ব কল্যাণকামী৷ সমাজৰ প্ৰত্যেজন ব্যক্তিৰ ৰুচি-আগ্ৰহ একে নহয়৷ মানুহৰ ভিন্ন ৰুচি- আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিয়েই একোখন সংবাদ পত্ৰত বিভিন্ন দিশ সন্নিবিষ্টৰে জনসাধাৰণৰ ওচৰলৈ নিয়াৰ আত্মচেষ্টা অব্যাহত ৰাখিছে আৰু এই চেষ্টাৰ ফলশ্ৰুতিতে কোনো সংবাদপত্ৰই ব্যাপক হাৰত জনসাধাৰণৰ কাষ চাপিব পাৰিছে৷ যেতিয়াই একোখন সংবাদপত্ৰই ৰাইজৰ পক্ষত থাকি মাত মাতিব তেতিয়াই সংবাদ পত্ৰৰ ওপৰত ৰাইজৰ আস্থা বাঢ়িব, সংবাদ পত্ৰৰ প্ৰচলনৰ বৃদ্ধি পাব৷ একোখন সুস্থ সমাজ গঢ়াৰ দিশত এজন সংবাদদাতাৰ গভীৰ দায়িত্ব আৰু কৰ্তব্য নিহীত হৈ আছে৷ গ্ৰাম্যৰ পৰা চহৰলৈকে আত্ম নিয়োগ হোৱা সাংবাদিক সকলৰ ওপৰতে এখন সংবাদ পত্ৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে যিহেতু সংবাদদাতা গৰাকী জাগ্ৰত প্ৰহৰী সদৃশ৷ সংবাদ পৰিবেশন কৰা সকলে প্ৰতি মুহূৰ্ততে কিছুমান নীতি-নিষ্ঠা মানি চলা অত্যন্ত প্ৰয়োজন আৰু সাংবাদিকজন নিৰপেক্ষ লেহে বাতৰিৰ প্ৰকৃত প্ৰতিছব্বি কন জিলিকি উঠে৷ জনসাধাৰণৰ স্বাৰ্থজড়িত বা বাতৰি সংবাদ পত্ৰত পৰিবেশন কৰোঁতে পক্ষপাতহীন আৰু সত্যৰ ওপৰত প্ৰতিস্থিত হব লাগে৷ সহজ সৰল মাৰ্জিত ভাষাৰে বাতৰিৰ উপস্থাপন আকৰ্ষণীয় কৰিহব পাৰিলে পাঠক সমাজে আমোদ পায় আৰু সন্তুষ্ট হয়৷ জনসাধাৰণক ভুল পথে পৰিচালিত কৰা বাতৰিৰ পৰা সাংবাদিক প্ৰতি মুহূৰ্ততে বিৰত থাকিলে সংবাদপত্ৰৰ মৰ্যাদা বৃদ্ধি পায়, মানদণ্ড বাঢ়ে আৰু পঢ়ুৱৈ বা পাঠক সমাজে গভীৰ বিশ্বাসত লয়৷ যিহেতু মানদণ্ড আৰু বিশ্বাসয্যোগতা সংবাদ পত্ৰৰ মূল সম্পাদ৷ একোটা বা-বাতৰি সাংবাদিকে নিৰপেক্ষভাৱে শুদ্ধ ভাৱে পৰিবেশন কৰিব পৰা সকল বিপথে পৰিচালিত হয় আৰু নানা কুটাঘাট মূলক বিশৃংখল পৰিস্থিতিৰ সূচনা ঘটে৷ সমাজৰ সৰ্ব দিশ উন্নয়ন সধাৰ প্ৰতি লক্ষ্য ৰাখি সংবাদদাতা গৰাকীয়েও গধুৰ দায়িত্ব সহকাৰে সাহস, দৃঢ়তা আৰু বিচক্ষণতা প্ৰতিষ্ঠিত কৰিব পাৰিব লাগিব৷ প্ৰচলিত প্ৰায় সংখ্যক সংবাদপত্ৰ মালিকোত্তৰ নেতৃত্বত পৰিচালিত হোৱা বাবে কোনো ক্ষণত নিৰপেক্ষ সাংবাদিক এজনেও নিজৰ স্থায়িত্ব হেৰুৱাই পোলোৱাটো সৰু কথা৷ সম্পূৰ্ণ তথ্য শুদ্ধ এটা বাতৰি সংবাদ পত্ৰত প্ৰকাশ পোৱাৰ অন্তত এক অদৃশ্য হাতোৰাত বাকী ৰৈ যোৱা অংশ প্ৰকাশ নহলে জনসাধাৰণে সাংবাদিক গৰাকীৰ ওপৰতে দৃষ্টি আৱদ্ধ ৰাখে, সংবাদ পত্ৰৰ ভিতৰ ৰাত কি ঘটি আছে তাক জনাৰ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ কোনো ব্যৱস্থা নাই৷

                সমগ্ৰ বিশ্বতে বহুতো সাংবাদিক এক নৈতিকতা বোধৰ দ্বাৰা পৰিচালিত হোৱা নাই৷ কোনো কোনো ক্ষেত্ৰত আনৰ দ্বাৰা প্ৰভাম্বিত হৈ উদ্দেশ্য প্ৰনোদিত ভাৱে ব্যক্তি বিশেষৰ বা একোটা সংগঠনৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰে নিজৰ পদমৰ্যাদা অপব্যৱহাৰ কৰি ব্যক্তিগত স্বাৰ্থ পূৰণৰ চেষ্টা কৰা আদি দিশ সমূহে এখন সুষ্ঠ সমাজ গঢ়াৰ বিপৰীতে সংবাদ পত্ৰ আৰু সাংবাদিক গৰাকীৰ বৃত্তিটো কালিমা পৰে আৰু দাগো লাগে৷

 

বিঃ দ্ৰঃ প্ৰবন্ধটো যুগুত কৰোঁতে ভিন্ন গ্ৰন্থৰ সহায় লোৱা হৈছে৷  

No comments