সমালোচনাৰ তুলাচনীৰে ভাৰতীয় ইতিহাসক তুলি ধৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস - ‘অন্তৱতীৰ্ৰ ইতিহাস’
প্ৰীতিৰেখা দত্ত,
বিংশতম উত্তৰ পূৱ গ্ৰন্থšমেলাৰ বিপণীত চকু পৰা কিতাপসমূহৰ ভিতৰৰ এখন আছিল লেখক, সমালোচক প্ৰাঞ্জ ল শমাৰ্ বশিষ্ঠৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘অন্তৱতীৰ্ৰ ইতিহাস’৷ অগতানুগতিক বেটুপাতৰ কিতাপখনত লেখকে পাতনিত বৰ স্পষ্ট আৰু পোনপটীয়াকৈ নাম সম্পকীৰ্য় কথাখিনিৰ লগতে ব্যক্তিগত অনুভৱখিনি বৰ্ণনা কৰিছে৷ পোন্ধৰটা সমালোচনাৰে লেখকে চৈধ্যগৰাকী ভাৰতীয় আৰু এগৰাকী বিদেশী লেখকৰ ভাৰত সম্পকীৰ্য় দৃষ্টিভঙ্গীক সমালোচনাৰ তুলাচনীত ৰাখি ব্যক্তিগত প্ৰতীতিৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে৷ গ্ৰন্থখনৰ মাজেৰে সমসাময়িক ভাৰতীয় ইতিহাসৰ লগতে উত্তৰ স্বাধীনতাৰ সময়ৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ইতিহাসক বৰ নিটোল আৰু আকৰ্ষণীয় ৰূপত তুলি ধৰা হৈছে৷
লেখকৰ নিবাৰ্চিত প্ৰতিটো বিষয় ভাৰতীয় চিন্তা-চেতনাৰ সৈতে সম্পৰ্কিত৷ ‘যুক্তিবাদী জনগণৰ ঐতিহাসিক খতিয়ান’ শীৰ্ষক আলোচনাত লেখকে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ ‘দ্যা আগুৰ্মেণ্টেটিভ ইণ্ডিয়ান ঃ ৰাইটিংছ অন ইণ্ডিয়ান হিষ্টৰি, কালশ্যাৰ এণ্ড আইডেণ্টিটি’ গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিছে৷ আলোচনাত অমৰ্ত্য সেনৰ গ্ৰন্থখনৰ নামটোৰ তাৎপৰ্য্যক পাঠক সমাজক অৱগত কৰি ইণ্ডিয়ান শব্দটোৰ মাজেৰে প্ৰতিফলিত হোৱা ভাৰতৰ অখণ্ডতাক তুলি ধৰি অমৰ্ত্য সেনকো এজন আগুৰ্মেণ্টেটিভ ইণ্ডিয়ান বুলি লেখকে কৈছে৷ ‘ভাৰতীয়ত্বৰ মনোজ্ঞ আলোচনা’ত মনোবিজ্ঞ ানী সুধীৰ কাকৰ আৰু নৃতত্ত্ববিদকেথৰীনা কাকৰৰ ‘দ্যা ইণ্ডিয়ানছ ঃ প’ট্ৰেৰ্ইট অৱ এ পীপল’ নামৰ গ্ৰন্থখনৰ আলোচনাৰ মাজেৰে লেখকে ভাৰতীয়ত্বৰ স্বৰূপ, প্ৰৱাহ আৰু পৰিৱৰ্তনশীলতাৰ নিৰ্মোহ বিশ্লেষণ দাঙি ধৰিছে৷ এই আলোচনাত দ্য ইণ্ডিয়ানছৰ সকলোতকৈ স্পৰ্শকাতৰ আৰু আকৰ্ষণীয় ‘হিন্দু-মুছলমানৰ সংঘাত আৰু সংঘৰ্ষ’ সম্পকীৰ্য় অধ্যায়টোত দুই লেখকৰ নিৰপেক্ষতা, সীমাবদ্ধতা ইত্যাদি বিষয়সমূহো স্পষ্ট আৰু পোনপটীয়াকৈ লেখকে আলোচনাৰ আউতালৈ আনিছে৷ ‘মনুষ্যত্বৰ পুনৰ জাগৰণৰ প্ৰয়াস’ শীৰ্ষক ৰচনাত লেখকে ভাৰতীয় মানুহৰ মন মননৰ পৰা হেৰাই যাব ধৰা মনুষ্যত্বৰ লগতে মানুহৰ অনৈতিক আচৰণৰ সমালোচনা কৰিছে৷ ‘অধঃপতিত সমাজত ধৰ্মৰ প্ৰাসংগিকতা’ শীৰ্ষক আলোচনাত ‘দ্য ডিফিকািŒI× অৱ বীইং গুডঃ অ দ্য ছাট্ল আৰ্ট অৱ ধৰ্ম’ নামৰ গুৰুচৰণ দাসৰ কিতাপখনৰ প্ৰসংগ টানি আনি দাসৰ দৃষ্টিৰে মহাভাৰতৰ যুগৰ ভাৰতীয় সমাজখন আৰু বৰ্তমান সময়ৰ সমসাময়িক সমাজখনক তুলাচনীত ৰাখি লৈ মহাভাৰতৰ পুনঃপঠনৰ আৱশ্যকতা সম্পৰ্কে লেখকে ব্যক্তিগত অভিমত প্ৰকাশ কৰিছে৷ ‘কাৰ্টুনৰ যোগেদি জনপ্ৰিয় ইতিহাস’ শীৰ্ষক আমোদজনক প্ৰবন্ধটোত আমূলৰ বিজ্ঞ াপনত থকা চুটি, ফুটফুটীয়া ফ্ৰক পিন্ধা কণমানিজনীৰ প্ৰসংগ অৱতাৰণা কৰি আমূলে কি দৰে এক সফল ভাৰতীয় ইতিহাসক তুলি ধৰিছিল তাৰ মনোৰম বৰ্ণনা দাঙি ধৰা হৈছে৷ এনেদৰে প্ৰতিটো আলোচনাৰ মাজেৰে লেখকৰ ইতিহাস সম্পকীৰ্য় বিশদ অধ্যয়ন, গভীৰ অন্তৰ্দৃষ্টি আৰু আত্মোপলব্ধিৰ উমান পোৱা যায়৷
আমাৰ দৰে সাধাৰণ পাঠকৰ বাবে সমালোচনাৰ তাত্বিক গ্ৰন্থবোৰ জটিল আৰু নীৰস যেন লাগিলেও নিভঁাজ আৰু সৰল প্ৰকাশভংঙ্গীৰে গ্ৰন্থখন সহৃদয় হৃদয়সংবাদী প্ৰতিজন পাঠকৰ কাষ চাপিব পাৰিব বুলি আমাৰ বিশ্বাস৷ আলোচনাৰ কোনো কোনো শাৰীত কবি, গল্পকাৰ শমাৰ্ বশিষ্ঠজনক পোৱা যেন বোধ হয়৷ উদাহৰণস্বৰূপে যুক্তিবাদী জনকণ্ঠৰ ঐতিহাসিক খতিয়ান শীৰ্ষক আলোচনাত প্ৰসংগক্ৰমে উল্লেখ কৰা ‘পেটমচা ল’ৰাই মৰম আকলুৱা হৈ বাৰে বাৰে বাপেকৰ কাষ চপাৰ দৰে শেষৰ ভাগটোৱে বাৰে বাৰে প্ৰথম ভাগটোৰ প্ৰসংগ সমূহলৈ ঘূৰি আহিছে৷ ’ [পৃষ্ঠা- ১৬]- ই এক লেখকৰ ব্যতিক্ৰমী সম্পৰীক্ষা৷ ইয়াৰ উপৰিও এনে ধৰণৰ সমালোচনাই পাঠকক মূল গ্ৰন্থসমূহৰ মাজলৈ লৈ যোৱাত সফল হ’ব৷ গ্ৰন্থখনৰ বেটুপাতৰ এটা ভাগত ঠাই দিয়া বিশৃঙ্খল বজাৰখনে এক তাৎপৰ্য্য বহন কৰিছে৷ এই বজাৰখন যেন ভাৰতীয় ইতিহাস ৰচনাৰ বিভিন্ন দিশৰ ইংগিত বহনকাৰী এখন জীৱন্ত দলিল৷ মুঠৰ ওপৰত ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছৰ ভাৰতবৰ্ষখনক চাব বিচৰা প্ৰতিজন অনুসন্ধিৎসু পাঠকৰ বাবে প্ৰাঞ্জ ল শমাৰ্ বশিষ্ঠৰ ‘অন্তৱতীৰ্ৰ ইতিহাস’ অসমীয়া সমালোচনা সাহিত্যৰ পথাৰখনত অন্তঃশলীলা ৰূপত বৈ থকা এখন নিৰবধি নদী৷





Post a Comment