এজন লোক, এখন চহৰ আৰু কিছু সৰাপাতৰ কথাৰে......
প্ৰীতিৰেখা দত্ত,
বৰপেটা সাহিত্য সভা, জন্ম শতবাৰ্ষিকী উদ্যাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা এখন সদ্যপ্ৰকাশিত গ্ৰন্থ হ’ল সু-লেখক ড: বিৰিঞ্চি কুমাৰ দাসৰ ‘এজন লোক, এখন চহৰ আৰু কিছু সৰাপাত’ ৷ বিভিন্ন সময়ত আমাৰ অসম, সাদিন, প্ৰতিদিন আদি ভিন ভিন কাকত-আলোচনীত প্ৰকাশিত সবৰ্মুঠ ঊনৈশটা তথ্য সমৃদ্ধ তথা সৰস প্ৰবন্ধৰ একত্ৰ সংকলনেই হ’ল ‘এজন লোক, এখন চহৰ আৰু কিছু সৰাপাত’ ৷ অগতানুগতিক বেটুপাত আৰু অৰ্থব্যঞ্জক নামকৰণেৰে গ্ৰন্থখনৰ ‘জপনা মুখৰ এষাৰ’ শীৰ্ষক পাতনিত লেখকে বৰ স্পষ্ট আৰু পোনপটীয়াকৈ গ্ৰন্থ সম্পকীৰ্য় তথা ব্যক্তিগত অনুভৱখিনি বৰ্ণনা কৰিছে৷ কেউতা প্ৰবন্ধই হ’ল অনুভৱী লেখকজনৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ স্বচ্চ আৰু সাৱলীল প্ৰকাশ৷ আপোন জনমভূমি বৰপেটা চহৰৰ ঐতিহ্যক কাহিনী কথনভংগীৰে তুলি ধৰিবলৈ কৰা লেখকৰ বিনম্ৰ প্ৰয়াস অগতানুগতিক আৰু আকৰ্ষণীয়৷
‘ৰংবাদ, বৰ্ণবাদ আৰু কাউৰী’ শীৰ্ষক গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধটোৰ নামকৰণ যথেষ্ট ব্যঞ্জনাময় আৰু অৰ্থপূৰ্ণ৷ কাউৰীৰ বৰণ সম্পকীৰ্য় বৰ্ণনাৰ মাধ্যমেৰে বৰ্ণবাদী সমাজখনৰ ক’লা আৰু নিকৃষ্ট তথা অশুভ চিন্তাধাৰাৰ বিপৰীতে যেন লেখক সৰৱ হৈ উঠিছে৷ সেয়েহে হয়তো তেওঁ হেলেনক কোৱা এষাৰ বিখ্যাত উক্তিক প্ৰসংগক্ৰমে এইদৰে দাঙি ধৰিছে - ‘আপোনাৰ গাৰ সামান্য বগাখিনিও যদি মোৰ গাটোলৈ আহে, তেনেহ’লে মানুহে তাক বেমাৰ বুলি ক’ব৷ আনহাতে মোৰ গাৰ ক’লাখিনিৰ সামান্য ক’লা ৰঙো যদি আপোনাৰ গালৈ যায়, তেন্তে মানুহে তাক বিউটি স্পট বুলি ক’ব৷’ বিশ্বব্যাপী আলোড.ন সৃষ্টি কৰা গাৰ ছালৰ ৰং কেন্দ্ৰিক বৈষম্যৰ ধাৰণাটোৱে ভাৰতীয় মানসিকতাৰ শিপালৈকে কিদৰে বিস্তাৰিত হৈছিল সেই সম্পৰ্কে বৰ্ণনা কৰিবলৈ লেখকৰ চিন্তাশীল মনত ক্ৰিয়া কৰা ভাৰতীয় ট্ৰাকবিলাকৰ পাছফালে লিখা হিন্দী প্ৰৱচনটো [বুৰী নজৰৱালে, তেৰা মুঁহ কালা] ৰ অনুষংগ যথেষ্ট গভীৰ আৰু চিন্তনীয়৷ লগতে বাণিজি্যক লাভালাভৰ বাবে বাণিজি্যক প্ৰতিষ্ঠানসমূহৰ বিজ্ঞাপন সম্পকীৰ্য় চতুৰালিৰ লগত বৰ্ণবাদ সম্পকীৰ্য় নেতিবাচক দৃষ্টিভংগীৰ কথাটো যথেষ্ট প্ৰাসংগিক৷ প্ৰবন্ধটিৰ শেষত লেখকে ‘হম কালে হ্যায় তো ক্যা হুৱা দিলৱালে হ্যায়’ শীৰ্ষক মহম্মদ ৰফীৰ এটি বিখ্যাত গীতৰ কলিৰে বৰ্ণবাদৰ অশুভ পৰম্পৰাৰ পৰিৱৰ্তন হোৱাটো বিচাৰি ব্যঞ্জনাৰ মাধ্যমেৰে কাউৰীৰ প্ৰতি থকা মানুহৰ সাধাৰণ দৃষ্টিভংগী সলনি কৰিবলৈ আহ৩ান জনাইছে৷
‘পিকনিকৰ বতৰত মানাহৰ পৰা এদিন’ শীৰ্ষক লেখাটি মনোৰঞ্জনধমীৰ্ আৰু হাস্যমধুৰ৷ পৰিয়ালসহিতে লেখকে মানাহ যাত্ৰাৰ সময়ত তীব্ৰবেগী গাড.ী চালকৰ বাবে সন্মুখীন হোৱা সমস্যাৰ ভয়াৱহ পৰিস্থিতিৰ অৱতাৰণা কৰি এই ক্ষেত্ৰত সকলোকে সততে সাৱধান হ’বলৈ আহ৩ান জনাইছে৷ আপোন চহৰ বৰপেটাক কেন্দ্ৰ কৰি লেখকে গ্ৰন্থখনত ছটা লেখনি সন্নিবিষ্ট কৰিছে৷ ‘বৰপেইটাৰ ভোজন বিলাস’ শীৰ্ষক আলোচনাত কৃষিপ্ৰধান বৰপেটা অঞ্চলৰ পৰিয়ালকেন্দ্ৰিক আৰু সামাজিক ভোজন বিলাসিতাৰ ঐতিহ্যক অতি আকৰ্ষণীয়কৈ তুলি ধৰিছে৷ ‘বৰপেটাৰ বৈহাগৰ দমাহী’ নামৰ ৰচনাত বৰপেটাৰ ৰাইজে ব’হাগ বিহু পালন কৰাৰ ৰীতি-নীতি আৰু পৰম্পৰাসমূহ অতি নিখঁুত আৰু স্পষ্ট ৰূপত দাঙি ধৰা হৈছে৷ পহিলা ব’হাগত পুৱাই খোৱা কেঁচা নিম পাতৰ পৰা ৰাতিৰ সাজৰ জালৰ আঞ্জালৈকে লেখকৰ বৰ্ণনা বৰ সৰল আৰু মনোগ্ৰাহী৷ সমধমীৰ্ আন দুটা নিবন্ধ হ’ল ক্ৰমে ‘বৰপেটাৰ মাঘৰ দোমাহী’ আৰু ‘বৰপেটাৰ মৎস্য প্ৰীতি’৷ মাঘৰ দোমাহীত বৰপেটাৰ জনসাধাৰণৰ স্থানীয় ৰীতি-নীতি, সামাজিক পৰম্পৰা, খাদ্যভ্যাস আদিৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে৷ ‘বৰপেটাৰ মৎস্য প্ৰীতি’ নামৰ চুটি প্ৰবন্ধটিত বৰপেটাৰ ‘বন্তিপুৰা’ অথাৰ্ৎ মৎস্য চিকাৰ পবৰ্ৰ মনোৰম বৰ্ণনাৰে মাছ ৰন্ধনৰ বিভিন্ন প্ৰণালী সম্পৰ্কেও উল্লেখ কৰিছে৷ ‘বৰপেটাৰ সাত ব’হাগৰ থিয় নাম’ শীৰ্ষক নিবন্ধত বৰপেটা সত্ৰৰ চৌহদত অনুষ্ঠিত কৰা থিয় নামত বৰপেটীয়া ৰাইজৰ আন্তৰিকাপূৰ্ণ অংশগ্ৰহণ আৰু এই উৎসৱভাগিৰ আধ্যাত্মিক তাৎপৰ্য্যক তুলি ধৰাৰ লগতে খাদ্যৰ ক্ষেত্ৰত পুৰণি অসমীয়া ৰক্ষণশীল সমাজত নিষিদ্ধ কুকুৰাৰ মঙহ পিছফালে চৌহদ সোমাই কিদৰে খাদ্যবস্তুৰ তালিকাত প্ৰৱেশ কৰিলহি তাৰ হাস্যমধুৰ বৰ্ণনা পোৱা যায়৷ ঠিক তেনেদৰে ‘নেকটাই’ ও এক হাস্যমধুৰ ৰচনা৷ ‘বৰপেইটা উপভাষাৰ অভিধান’ আৰু ‘স্বচ্চতাঃ কমনচেন্স’ দুয়োটা প্ৰাসংগিক আৰু চিন্তাশীল ৰচনা৷ ‘এজন ব্যতিক্ৰমী ব্যক্তিৰ কথাৰে’ শীৰ্ষক নিবন্ধত বৃত্তিগতভাৱে অতি নিচলা আৰু শাৰীৰিকভাৱে বিশেষ সক্ষম তালুকদাৰ নামৰ বাস্তৱ চৰিত্ৰটিৰ গভীৰ চিন্তাশীল মন আৰু ভিন ভিন বিষয়ত থকা তেওঁৰ নিজস্ব দৃষ্টিভংগীৰ অসাধাৰণত্বক লেখকে অনুপ্ৰেৰণাৰ উৎস হ’ব পৰাকৈ তুলি ধৰিছে৷ সেইদৰে ‘দা ৰোড নট টে’কন’, ‘জোনবিল মেলাত এটি পুৱা’, ‘কি নাম দি মাতিম’, ‘নাইনিতালৰ টেক্সিচালক’ আদি ৰচনাবোৰো লেখকৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ একো একোটি সুন্দৰ বহিঃপ্ৰকাশ৷ প্ৰতিটো ৰচনাতে লেখকৰ মন মননত ক্ৰিয়া কৰি থকা সাধাৰণ ঘটনাবোৰৰ মাজেৰেই তেখেতৰ জীৱন দৰ্শন আৰু ব্যক্তিগত অভিব্যক্তিক চুই চোৱাৰ আমেজ সুকীয়া৷ নিবন্ধসমূহৰ মাজে মাজে খাদ্যৰসিক আৰু ধেমেলীয়া মানুহজনক পোৱা যেন বোধ হয়৷ কথনশৈলীৰ নিজস্ব ষ্টাইল, স্বচ্চ, সাৱলীল আৰু নিৰ্মোহ বৰ্ণনাৰ বাবে গ্ৰন্থখনে পাঠক সমাজৰ পৰা এক সুকীয়া আৱেদন দাবী কৰিব পাৰিব বুলি আমাৰ বিশ্বাস৷ এইখিনিতে উল্লেখ কৰাটো নিতান্তয় আৱশ্যকীয় যে, গ্ৰন্থখনৰ নামকৰণ যথেষ্ট অৰ্থব্যঞ্জক৷ নামকৰণত থকা লোকজন লেখক নিজেই, কাষত তেওঁৰ আপোন চহৰ আৰু বুকুত সৰাপাত হৈ পৰি ৰোৱা তেওঁৰ কিছু নষ্টালজিয়া.....! অৰ্থৰ ব্যঞ্জনাৰে নামকৰণত লেখক সম্পূৰ্ণৰূপে সাৰ্থক হৈছে বুলি ক’ব পাৰি৷ মুঠৰ ওপৰত মানৱ জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাবোৰক আকৌ চুই চোৱাৰ হেঁপাহ থকা হৃদয়সংবাদী তথা বৰপেটাৰ ঐতিহ্যক ফঁহিয়াই চাব বিচৰা প্ৰতিজন অনুসন্ধিৎসু পাঠকৰ বাবে লেখক বিৰিঞ্চি কুমাৰ দাসৰ ‘এজন লোক, এখন চহৰ আৰু কিছু সৰাপাত’ এখন ৰসপূৰ্ণ আৰু তথ্যসমৃদ্ধ গ্ৰন্থ৷ মুঠ ৯২ পৃষ্ঠাযুক্ত গ্ৰন্থখনৰ মূল্য ১৩০ টকা৷





Post a Comment