সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি
প্ৰীতি ৰেখা দত্ত
গল্পকাৰ, নিবন্ধকাৰ, সাংবাদিক, কবি অতনু ভট্টাচাৰ্যৰ নৱতম গ্ৰন্থ ‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’৷ সৃজনীমুলক সাহিত্যৰ ক্ষেত্ৰখনত নতুনকৈ লেখা-মেলা কৰা লোকৰ বাবে অত্যন্ত আৱশ্যকীয় বহু গুৰুত্বপূৰ্ণ দিশ সামৰি গ্ৰন্থখনত ২৫ টা প্ৰবন্ধ লেখকে সন্নিবিষ্ট কৰিছে৷ ইতিমধ্যে ইয়াৰে প্ৰায় কুৰিটামান প্ৰবন্ধ ২০১৪-১৫ চনত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছিল৷ সেইসমত প্ৰায়কেইটা প্ৰবন্ধ পঢ.া হৈছিল যদিও এতিয়া একেলগে গ্ৰন্থখনত সন্নিবিষ্ট কৰাৰ বাবে আমাৰ দৰে আন বহু পাঠক যথেষ্ট পৰিমানে উপকৃত হ’ব৷ লেখকৰ ‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’ পঢি. আমাৰ উপলব্ধি জনাবলৈ মন গৈছে৷
অতনু ভট্টাচাৰ্যই শিক্ষকতা বৃত্তিৰ পৰা স্ব-ইচ্চাই অব্যাহতি লৈ সাহিত্য সৃষ্টি তথা সৃজনীমূলক সাহিত্যৰ বিভিন্ন দিশত গৱেষণামূলক অধ্যয়ন, চিন্তাশীল লেখা আৰু বিচাৰ বিশ্লেষণ কৰি সৃষ্টিশীল জগতৰ বিভিন্ন ঢৌত উটি-ভাহি ফুৰা ব্যক্তিৰ বাবে অনুপ্ৰেৰণা আৰু উপজীব্য হোৱাকৈ অকৃত্ৰিম আৰু নিঁভাজ ৰূপত অনেক স্পৰ্শকাতৰ দিশ গ্ৰন্থখনত উন্মোচন কৰি দেখুওৱা হৈছে৷
যদিও লেখা-মেলা কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, তথাপি গুণগত লেখাৰ পৰিমান যথেষ্ট তাকৰ৷ নতুনকৈ লেখা-মেলা কৰা লোকৰ বাবে অত্যন্ত আৱশ্যকীয় দিশ বুলি বিবেচনা কৰি কিছু প্ৰাসংগিক কথা ‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’ শীৰ্ষক গ্ৰন্থখনত লেখক অতনু ভট্টাচাৰ্যই সন্নিবিষ্ট কৰিছে৷ গুৱাহাটীৰ আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ২২০ আৰু মূল্য ১২০ টকা৷ পকা-বন্ধা গ্ৰন্থখনৰ ভাষা সৰল আৰু কাবি্যক সৌন্দয্যৰ্ৰে ভৰা৷ অগতানুগতিক কথনভঙ্গীয়ে প্ৰবন্ধকেইটিক এক সুকীয়া মান্যতা প্ৰদান কৰিছে৷
গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধ ‘লেখক হিচাপে আপোনাৰ এটা খোজ’৷ ইয়াত অতনু ভট্টাচাৰ্যই স্পষ্টকৈ উল্লেখ কৰিছে - ‘....তদুপৰি এইটো সহজেই অনুমেয় যে ‘আইন’ বিষয়টোৰ সামান্য ধাৰণা অথবা আগ্ৰহ নথকা ছাত্ৰ একোজনে একোটা পাঠ্যক্ৰমৰ জৰিয়তে ভৱিষ্যতলৈ এগৰাকী আইনজ্ঞ হ’ব পৰাৰ দৰে নতুবা অৰ্থনীতি বিষয়টোৰ প্ৰতি বিশেষ আগ্ৰহ নথকা ছাত্ৰ এগৰাকীয়ে অৰ্থনীতিৰ ডিগ্ৰী অৰ্জন কৰিব পৰাৰ দৰে সাহিত্যৰ প্ৰতি কোনো আগ্ৰহ অনুভৱ নকৰা বাটৰুৱা এজনে সৃজনীমূলক সাহিত্যৰ পাঠ্যক্ৰম আৰু ডিগ্ৰীৰে সাহিতি্যক হৈ উঠিব নোৱাৰে৷” আকৌ তেওঁ লিখিছে - “....সাধাৰণতে প্ৰতিভাৱান অথবা মজলীয়া বুদ্ধি-বৃত্তিৰ লেখক হ’লে নিজৰ সামৰ্থ্য আৰু সীমাবদ্ধতাক জুখি চাবলৈ সৃজনীশীল সাহিত্যৰ কেতবোৰ মৌলিক প্ৰশ্নৰ সন্মুখীন হোৱা উচিত৷ নিজকে সোধা উচিত - কি লিখিম, কিয় আৰু কেনেকৈ লিখিম৷” লেখক হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ হ’লে আত্মবিশ্লেষণৰ একান্তই প্ৰয়োজন৷ আত্মবিশ্লেষণ আৰু আত্মসমালোচনা অবিহনে কোনো এজন লেখকেই প্ৰকৃতাৰ্থত সফল বা কৃতকায্যৰ্তা লাভ কৰিব নোৱাৰে৷ সাহিতি্যক প্ৰতিভাতকৈ আন কিছুমান বাহি্যক কাৰকৰ ফলত কেতিয়াবা কোনো এজন লেখকৰ কোনো এখন কিতাপে জনপ্ৰিয়তা, সমাদৰ বা বিক্ৰীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’লেও সেইখন যে ‘ভাল কিতাপ’ হ’বই সেই কথাৰ নি(য়তা প্ৰদান নকৰে৷ তেওঁ এটা প্ৰবন্ধত উল্লেখ কৰা অনুসৰি, - “বিজ্ঞাপন বা প্ৰচাৰে জনপ্ৰিয় লেখক হিচাপে মৰ্য্যাদা দিয়া অজস্ৰ লেখকৰ মাজৰ পৰা ‘ভাল লেখক’ বিচাৰি পোৱাটো সঁচাকৈয়ে জটিল৷”
‘লেখাৰ বিষয় লেখাৰ মাধ্যম’ প্ৰবন্ধত অতনু ভট্টাচাৰ্যই আক্ষেপ কৰি লিখিছে - “মানুহৰ বাবে প্ৰয়োজনীয় একোটি জটিল বিষয়ত আলোকসম্পাত, কিন্তু একে সময়তে সাধাৰণ পঢ.ুৱৈৰ বোধশক্তি সম্পৰ্কে যথোচিত সচেতনতা- এই দুয়োবিধ ভাৰসাম্য ৰাখি লেখা-মেলা কৰাৰ দক্ষতা বৰ কম লেখকৰ কলমত দৃষ্টিগোচৰ হয়৷” লগতে ভাল বা উৎকৃষ্ট সৃষ্টিশীল লেখা-মেলা কৰাৰ ক্ষেত্ৰত পত্ৰালাপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ.াই বুলি অতনু ভট্টাচাৰ্যই গ্ৰন্থখনত লিখিছে৷
‘তেওঁলোকে কিয় লিখে? আপুনি কিয় লিখিব?’, ‘আপোনাৰ অভিজ্ঞতা আছে ঃ লেখক হ’বগৈনে? সফল লেখক?’, ‘ভুল পথে অহা প্ৰেৰণাঃ প্ৰেৰণাৰ সম্পদ আৰু বিপদ’, ‘লেখক যেতিয়া পঢ.ুৱৈ নহয়’, ‘লেখকৰ অনুশীলন ঃ অনুশীলনে নিগনি এটাক সিংহ কৰি তোলেনে?’, ‘গল্পকাৰে কেনেকৈ লিখে..’, ‘অবাবতে কৰা সাহিত্য চচাৰ্বোৰ’, ‘লিখিম বুলি ভৱাৰ পৰা লিখি উঠালৈকে’, ‘লেখকৰ বাবে এটা চৰ্ত ঃ মানুহৰ সৈতে সম্পৰ্ক মানুহৰ সৈতে সংস্পৰ্শ’ আদি বিভিন্ন প্ৰবন্ধসমূহে উঠি অহা লেখকসকলক যথেষ্ট উপকৃত কৰিব৷ প্ৰবন্ধকেইটিত লেখকৰ উপস্থাপন, বিষয়বস্তুৰ গুৰুত্ব, বাক্যৰ প্ৰয়োগ আদিৰ সমাহাৰে অনায়াসেই পাঠকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ব৷
“আপুনি যদিহে এগৰাকী লেখক নহয়” প্ৰবন্ধটিত ভট্টাচাৰ্যই অপৰিপক্ক লেখা এটিৰ সংশোধন কৰাৰ প্ৰসঙ্গত উল্লেখ কৰা কথাষাৰ হৃদয়স্পশীৰ্৷ “...অৱশ্যে সম্পাদনা আৰু সমৃদ্ধিৰ প্ৰসংগত আপুনি এই কথা মনত ৰাখিব পাৰে যে ভুল লেখাক শুদ্ধ কৰিব পাৰি, কিন্তু বেয়া লেখাক ভাল লেখা কৰিব পৰা নাযায়৷ ” আচলতে এই প্ৰবন্ধটিৰ জৰিয়তে লেখকে উৎসগীৰ্কৃত মন আৰু কঠোৰ অনুশীলনৰ মাজেৰে সৃজনীমূলক সাহিত্যৰ বাবে ৰস বুটলিব পাৰি বুলি ক’ব খুজিছে৷ ‘অবাবতে কৰা সাহিত্যচচাৰ্বোৰ’ নামৰ প্ৰবন্ধটিত অতনু ভট্টাচাৰ্যই সাহিত্য চৰ্চা গভীৰ ধ্যান, কঠোৰ সাধনা আৰু অধ্যয়নৰ বলতহে সম্ভৱ বুলি কৈ সাহিত্যচচাৰ্ৰ ক্ষেত্ৰত যে এক প্ৰণালীবদ্ধ গৱেষণা আৰু অধ্যয়নৰ আৱশ্যক সেই কথা উল্লেখ কৰিছে৷
লেখকে গ্ৰন্থখনৰ শেষৰটো প্ৰবন্ধ ‘খেকৰ বাবে এটা চৰ্ত ঃ মানুহৰ সৈতে সম্পৰ্ক, মানুহৰ সৈতে সংস্পৰ্শ’ ত নতুন একাংশ লেখকৰ লেখনিত কিছু কিছু ক্ষেত্ৰত একমত হ’ব পৰা নাই যেন বোধ হয়৷ জনজীৱনৰ পৰা একাশৰীয়া হৈ সাহিত্য সৃষ্টি কৰিবলৈ গ’লে সেই সাহিত্যই লেখক-পঢ.ুৱৈ কাৰোৱেই অন্তৰ জয় কৰিব নোৱাৰে৷ জনজীৱনৰ লগত একাত্ম হৈ ৰচিত হোৱা সাহিত্যই জীৱন জীজ্ঞাসাৰ ক্ষুধা পূৰণ কৰিব পাৰে৷ “আপুনি যদিহে এগৰাকী নতুন লেখক তেন্তে মনত ৰাখিব পাৰে যে আপুনি এটা প্ৰশস্ত ‘এভিনিউ’ত থিয় হৈ আছে৷ সেই এভিনিউৰ পৰা দেখা যাব বহু পথ - চমু, একােবঁকা, ওখ, সুদীৰ্ঘ৷ লেখক হিচাপে আপোনাৰ নিজস্ব সিদ্ধান্তই চূড.ান্ত সিদ্ধান্ত হ’ব৷ ঘৰুৱা বেমেজালি, ব্যক্তিগত অসুবিধা, আৰ্থিক সংকট আদি সমস্যাৰ বাবেই এগৰাকী সফল লেখক হ’ব পৰা নগ’ল বুলি যিমানেই আপুনি আপোনাৰ সৃষ্টি অথবা সৃষ্টিহীনতাক ন্যাৰ্য্যতা প্ৰতিপাদন কৰিবলৈ যত্নপৰ হ’ব সিমানেই আপোনাৰ মেধাৰ সীমাবদ্ধতাহে আনৰ সন্মুখত উন্মোচিত হ’ব৷ আপুনি আপোনাৰ লেখক-জীৱন কেনেদৰে পৰিচালিত কৰিব, সাহিত্যচচাৰ্ৰ সমান্তৰালভাৱে কেনেদৰে জীৱন অতিবাহিত কৰিব, নিজক আপুনি কেনেদৰে মূল্যাঙ্কন কৰিব, সফলতাক আপুনি কিদৰে চাব সেইবোৰ আপোনাৰ ব্যক্তিগত পছন্দ, উপলদ্ধি আৰু সিদ্ধান্তৰ ওপৰতেই নিৰ্ভৰ কৰিব৷ তথাপি এটা প্ৰশ্নই আপোনাক হয়তো কেতিয়াবা আমনি কৰিব আৰু সেইটো হ’ল - জনজীৱনৰ পৰা বিচ্চিন্ন হৈ সফল লেখক হোৱাৰ আনন্দ আছেনে?”
গল্প, কবিতা, সমালোচনা বা প্ৰৱন্ধ এটা লিখি উলিয়াবলৈ বা সাহিত্যৰ আন আন ক্ষেত্ৰখনত সোমাই পৰিবলৈ যথেষ্ট অনুশীলন আৰু কঠোৰ সাধনাৰ প্ৰয়োজন৷ যদিওবা ভাল কবি, সাহিতি্যক, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ হোৱাৰ কোনো নিৰ্দিষ্ট ফৰ্মূলা নাই তথাপি সকলোৰে বাবে এইবোৰৰ সৃজন-কৰ্ষণ-চিন্তন-মন্থন কৰাটো সম্ভৱপৰ নহয়৷ কোনো এজন লোকৰ নিজৰ নিচা আছে বুলিয়েই সাহিত্য সৃষ্টি কৰিব নোৱাৰে, যদি কৰেও সেই সাহিত্যৰাজিয়ে সাহিত্য-সংস্কৃতিৰ নিৰ্দিষ্ট স্তৰ স্পৰ্শ কৰিব নোৱাৰেগৈ৷ গল্প, কবিতা, নাটক, উপন্যাস আদি সৃজনীমূলক সাহিত্য সৃষ্টিৰ বাবে উৎসগীৰ্কৃত মন আৰু কঠোৰ অনুশীলন অত্যাৱশ্যকীয়৷ অস্থায়ী অগ্ৰহ বা নৈমিত্তিক অভিগমনে ভাল লিখক সৃষ্টিত অৰিহণা যোগাব নোৱাৰে৷ “ সাহিত্যচৰ্চা য’তে-ত’তে, যেতিয়াই তেতিয়াই হৈ থকা কবি সন্মিলন নহয়৷” গ্ৰন্থখনত লিখক অতনু ভট্টাচাৰ্যই উল্লেখ কৰা এটা সমীকৰণে ওপৰৰ কথা কেইটাৰ যুক্তি-যুক্ততা নিৰূপণ কৰাত সহায় কৰিব৷
সৃষ্টিৰাজি পূৰঠ কৰি তুলিবলৈ নতুন লেখকে পূবৰ্সূৰী লেখকক অনুকৰণ আৰু অনুসৰণ কৰাৰ পৰিৱৰ্তে পৰ্যবেক্ষণ আৰু ভিন ভিন কথনশৈলীৰ পঠনেই উৎকৃষ্ট পন্থা বুলি গ্ৰন্থখনত উল্লেখ কৰিছে৷ লগতে বহু প্ৰচলিত একোটা শৈলী আৰু বহুব্যৱহৃত উপমা,প্ৰতীক, ব্যঞ্জনা আৰু চিত্ৰকল্পও নতুন লেখকৰ লেখক জীৱনৰ এটা বিপদজনক দিশ৷ ভট্টাচাৰ্যৰ মতে, মানুহৰ সৈতে সম্পৰ্ক, মানুহৰ সৈতে সংস্পৰ্শ লেখকৰ বাবে এটা গুৰুত্বপূৰ্ণ চৰ্ত যদিও সময় সাপেক্ষে কিছু সৃষ্টিৰ স্বাৰ্থত নিঃসংগতাৰো অৱশ্যক৷ কথাষাৰৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ গৈ ভট্টাচাৰ্যই মগজুটোক এটা বিশাল গৱেষণাগাৰৰ লগত তুলনা কৰিছে৷ এই গৱেষণাগাৰৰ প্ৰতে্যকেই একো একোজন নিঃসংগ গৱেষক৷ বিবেকৰ তুলাচনীত প্ৰতিজন লেখকেই ভুল বা অজ্ঞতাক উপলব্ধি কৰা উচিত৷ অসাৱধানতবশতঃ কোনো লেখকে কিবা ভুল কৰিলে সেই ভুল হয়তো সম্পাদক, পাঠক ৰ কেতিয়াবা দৃষ্টিগোচৰ ন’হবও পাৰে৷ এই ক্ষেত্ৰত লেখকে নিজেই সম্পাদক, পাঠকৰ ওচৰত শুদ্ধটো পুনৰ উদঙাই দেখুৱাবলৈ চেষ্টা কৰা উচিত৷ লেখক ভট্টাচাৰ্যই প্ৰান্তিকত প্ৰকাশ পোৱা ‘অক্টোপাছ’ গল্পত অসাবধানবসতঃ হোৱা কিছু ভুল নিজেই শুধৰাই আলোচনীখনলৈ প্ৰেৰণ কৰাৰ উদাহৰণ দাঙি ধৰিছে৷ লেখক জীৱনৰ নিৰ্মোহ আৰু যুক্তিবাদী সমালোচক নিজেই হ’লেহে নিজৰ সৃষ্টিৰাজিয়ে পাঠক সমাজৰ মাজত স্থায়ীত্ব লাভ কৰিব বুলি ভট্টাচাৰ্যৰ দৃঢ. মত৷
আশাকৰো, গ্ৰন্থখনে নবীন-প্ৰৱীণ লেখক-লেখিকাক অনুপ্ৰেৰণা, সাহস, আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব আৰু অতনু ভট্টাচাৰ্যই মহৎ উদ্দেশ্য লৈ সৃজনীমূলক সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় বিভিন্ন দিশ সামৰি লিখি উলিওৱা ‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’ শীৰ্ষক গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ আৰু জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হ’ব৷ বিষেশকৈ সাহিত্যজগতৰ লগত নতুনকৈ জডি.ত কৰি তুলিব বিচৰা প্ৰতে্যকজন লোকৰ বাবেই অত্যন্ত প্ৰয়োজনীয় সমলেৰে পৰিপূৰ্ণ এখন সুখপাঠ্য গ্ৰন্থ ‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’ ৷ ভট্টাচাৰ্যৰ সৃজনীমূলক সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢে.াৱা এই অদ্বিতীয় আৰু সৎ প্ৰচেষ্টাক শলাগ লৈছো আৰু তেওঁৰ গ্ৰন্থখন লিখি উলিওৱাৰ যি একান্ত আন্তৰিক তাড.না, সেয়া সফল হওঁক, তাকেই কামনা কৰিছো৷





Post a Comment