নিৰ্মল আনন্দৰ উৎসবোৰ
ভূষণজ্যোতি সন্দিকৈ
বিভিন্ন কাৰণত মানুহৰ মনত আনন্দৰ সৃষ্টি হ’ব পাৰে৷ নতুন কাম এটা কৰাৰ আনন্দ, নতুন ঠাই এখন বা নতুন বস্তু এটা চোৱাৰ আনন্দ, কবিতা এটা লিখাৰ আনন্দ, বহুদিন কাৰোবাক ভাল লাগি থকাৰ পাছত এদিন মনৰ কথা প্ৰকাশ কৰি ‘তোমাক ভালপাওঁ’ বুলি কৈ পেলোৱাৰ আনন্দ....ইত্যাদি ইত্যাদি৷
বয়স, সময়, স্থান, কাল-পাত্ৰ ভেদে আনন্দৰ উৎস, ধৰণ, আকাৰ, প্ৰকাৰ, বেলেগ বেলেগ হ’ব পাৰে৷ শৈশৱৰ আনন্দৰ লগত যৌৱনৰ আনন্দ নিমিলে৷ দুয়োটাৰে উৎস আৰু অনুভূতি বেলেগ বেলেগ৷ বৃদ্ধ বয়সত আকৌ পো-বোৱাৰীৰ মৰম-চেনেহৰ পৰা পোৱা আনন্দ আৰু অনুভূতিও বেলেগ, ই যৌৱনৰ আনন্দৰ লগত নিমিলে৷ কিছুমান আনন্দ ক্ষণস্থায়ী৷ এই ধৰক কোনোবা এদিনাখন বন্ধুমহলত আড্ডা জমি উঠিল৷ সবেই হাঁহি-মাতি ষ্ফূৰ্তি-তামাচা কৰিলে৷ আনন্দ হ’ল৷ ঘৰাঘৰি যোৱাৰ পাছত আনন্দবোৰ নাইকিয়া হ’ল৷ আকৌ কিছুমান আনন্দ চিৰস্থায়ী, চিৰ-শাশ্বত৷ এনেবোৰ আনন্দৰ অনুভূতি গোটেই জীৱন জুৰি সেউজীয়া ফল্গুধাৰা হৈ বুকুৰ মাজতে নিৰৱধি প্ৰৱাহিত হৈ থাকে৷ যেনে ধৰক–শৈশৱৰ ধূলি-বালিৰে ওমলা দিনবোৰৰ কথা সেউজীয়া সপোন এটাৰ দৰেই মনৰ মাজত প্ৰবাহিত হৈ থাকে৷ চৰম দৰিদ্ৰতা আৰু দুখবোধৰ মাজতো শৈশবীয় অনুভূতিৰ এক নিজস্ব শৈলীৰ আনন্দ থাকে৷ সকলো লোকৰে নিজৰ শৈশৱীয় আনন্দৰ প্ৰতি এক ধৰণৰ দুৰ্বলতা থাকে৷
আমাৰ শৈশৱৰ আনন্দবোৰ আছিল একান্তই নৈঃসৰ্গিক৷ মাছ-মৰা, বৰশী বোৱা, মাৰ্বল-গুটি খেলা, বিলত পদুম-গুটি বিচৰা, শৰালিৰ কণী বিচৰা, খালৰ ঘোলা পানীত সাতোঁৰা ইত্যাদি ইত্যাদি৷২০/২৫ বছৰৰ আগতে গাঁৱৰ খাল ডোং বিলাকত যথেষ্ট মাছ-পুঠি পোৱা গৈছিল৷ দিনটো বৰশী বালে এক-ডেৰ কিলোগ্ৰাম পৰ্যন্ত মাছ লাগিছিল৷ মাগুৰ, বৰালি আদি মাছে খুটিলে তিনি-চাৰি কিলোগ্ৰামলৈকে হৈছিল৷ ঘৰলৈ খাবলৈ আহিলে দুপৰীয়া বৰশী পাতি লুকুৱাই থৈ আহিছিলো যাতে বৰশী মাছে খালে আনে লৈ যাব নোৱাৰে৷ তাৰ মাজতে আমি কিছু দুষ্টামিও কৰিছিলোঁ৷ মনে মনে আনৰ বৰশীৰ মাছ এৰুৱাই আনি মুকলি চাপৰিত পুৰি খাইছিলোঁ৷ তাৰবাবে আমি পেKI×ৰ জেপত জুইশলা বাহ লৈ ফুৰিছিলোঁ৷ কেতিয়াবা আকৌ আনৰ বৰশীত পাতবেং, ভেকুলী, মনে মনে সিঁ থৈ গৈছিলো৷ বাৰিষা নলাত সাঁতুৰিবৰ বাবে গাৰ কাপোৰ-চোলা পাৰত সোলোকাই থৈ নাঙঠ হৈ সাঁতুৰিছিলো৷ তেনেকৈ সাঁতুৰি থাকোতে লগৰ ল’ৰাই মনে মনে পাৰত খুলি থৈ অহা কাপোৰ কানি লুকুৱাই থৈছিল৷ এবাৰ লগৰ কেইজনমান ল’ৰাই সাঁতুৰি থাকোতে অলপ বেচিকৈ বদমাচি কৰি সিহঁতৰ কাপোৰ-কানিবোৰ আমি ঘৰে ঘৰে চমজাই দিলোঁহি৷ বেচেৰাহঁতে সিদিনা গছৰ ঢপলা পাত মেৰিয়াই ঘৰলৈ আহিব লগা অৱস্থা হ’ল৷ ঘৰলে আহি গেলা পানীত সাঁতোৰাৰ দোষত মাক-দেউতাকৰ পৰাও আকৌ পিটন খালে৷ আজিকালি এই খাল-বিলবোৰত মাছ-পুঠি নোহোৱা হ’ল৷ ইয়াৰ এটা অন্যতম কাৰণ হ’ল কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ৷ গাঁৱৰ চাৰিওফালে থকা চাহ-বাগিচাবোৰত কীটনাশক দ্ৰব্য ছটিওৱাৰ ফলত নলাৰ পানীত মিহলি হয়৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যাও এতিয়া বহুত বাঢ়িল৷ তেওঁলোকেও বাগিচাত জধেমধে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা দেখা যায়৷ ফলত মাছৰ লগতে অন্যান্য জলচৰ প্ৰাণীও এতিয়া সংকটাপন্ন হৈ পৰিল৷
ল’ৰালি কালত সৰু সৰু চৰাই ধৰিবলৈ নিজৰ চুবুৰীটোত আমি পিটপিটাই ফুৰিছিলোঁ৷ চৰাইৰ মাত, গাৰ পাখিৰ ৰং, উৰণৰ পদ্ধতি ইত্যাদবোৰ লক্ষ্য কৰিয়েই কোনটো কি চৰাই কৈ দিব পাৰিছিলোঁ৷ মাজে মাজে চৰাই চিকাৰত নামিছিলোঁ৷ হাতত কেটেপা আৰু গুটি লৈ চৰাই খেদোঁ৷ মোৰবাবে চৰাই মৰাতকৈ খেদাৰ আনন্দহে বেছি আছিল বোধহয়৷ তাৰ প্ৰমাণ সোনকালে পালোঁ৷ আমাৰ ঘৰৰ কাষতে ওখ ওখ তামোল গছ আছিল৷ কাকিনী তামোল৷ তাতে টোকোৰা চৰায়ে বাহ সাজে৷ এবাৰ বাহ এটাত ওলমি থকা চৰাই এজনীলৈ লক্ষ্য কৰি কেটেপাৰে গুটি মাৰি পঠালোঁ৷ মুহূৰ্তৰ ভিতৰতে চৰাইটো আহি মাটিত পৰিল৷ ঘৰ-সংসাৰ কৰিবলৈ লোৱা, মুক্ত মনেৰে নাচি-বাগি ফুৰা চৰাইজনীৰ নিথৰ দেহটো আহি মাটিত পৰি ৰ’ল৷ মনটো বৰ দুখ লাগিল৷ খন্তেকতে চৰাই মৰাৰ বীৰত্ব মোৰ মনৰ পৰা নোহোৱা হ’ল৷ সিদিনাখনেই হাতৰ কেটেপা দলিয়াই পেলালোঁ যি পেলালোঁ, আজিলৈকে হাতত কোনোধৰণৰ অস্ত্ৰ তুলি লোৱা নাই৷ সেইটোৱেই মোৰ জীৱনৰ প্ৰথম আৰু শেষ চৰাই চিকাৰ৷
শৈশৱৰ সেই নিৰ্মল আনন্দবোৰৰ বিপৰীতে পৈশাচিক আনন্দও বহুতে উপভোগ কৰে৷ আমাৰ লগৰ বহুতো ল’ৰা-ছোৱালীয়ে ৰঙা-নীলা জিঁয়াবোৰ ধৰি আনি নেজত ৰছী বান্ধি উৰুৱাই দিছিল৷ আকৌ কিছুমান অঘাইটং ল’ৰাই ভাদ মাহত বাটে-ঘাটে মৈথুনত ব্যস্ত থকা কুকুৰবোৰ টানি টানি এৰুৱাই ফুৰে৷ কিছুমানে পানীৰ পৰা ভেকুলী ধৰি আনি তাৰ চাৰিঠেঙত চাৰিডাল শলা মাৰি ব্লেডেৰে পেট ফালি অস্ত্ৰোপচাৰ কৰে৷ তাৰ পাছত আকৌ ফলা পেটত চিলাই মাৰি পানীত এৰি দিয়ে৷ এনেবোৰ কামৰ পৰা মই অকণো আনন্দ ল’ব পৰা নাছিলোঁ৷





Post a Comment