ফ্ৰালুঙ বৌদ্ধ পন্থা, সহজযান বৌদ্ধ পন্থা
ক্ষেত্ৰধৰ বৰগোহাঁইয়ে, ইং ১০ মাৰ্চ, ১৯৪৬ চনত অনুষ্ঠিত সদৌ আসাম বৌদ্ধ মহাসভাৰ প্ৰথম অধিৱেশনত সভাপতিৰ অভিভাষণত আহোম জাতিৰ মাজত প্ৰচলিত থকা ফ্ৰালুঙ্্ বৌদ্ধ পন্থা আৰু সহজযান বৌদ্ধ পন্থাৰ উৎস-তাৎপৰ্য দাঙি ধৰিছিল৷ আমাৰ টোকাত আহোম বৌদ্ধসকলৰ লিপি-ভাষা, ধৰ্ম-সংস্কৃতি সম্পৰ্কে এটি চমু পৰিচিতি দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷ বৰগোহাঁইদেউৰ অভিভাষণটোৰ কিয়দংশ এনেধৰণৰ আছিল ঃ
ইং তেৰ শতাব্দীৰ আগভাগত, দক্ষিণ-পশ্চিম চীনৰ ‘‘নামচাও’’ অৰ্থাৎ বৰ্তমান চীনদেশৰ ইউনান প্ৰদেশৰ পৰা ওলাই বম্মাৰ্, শ্যাম, ইণ্ডো-চীনা আদি দেশত ৰাজ্য বিস্তাৰ কৰি ফুৰা প্ৰবল প্ৰতাপী শ্যান-টাই জাতিৰ এদল মানুহে উত্তৰ বাম্মাৰ্ৰ মাও বা পং ৰাজ্যৰ পৰা আহি কামৰূপৰ সৌমাৰ খণ্ডত প্ৰৱেশ কৰে৷ তেওঁলোকে লাহে লাহে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা অধিকাৰ কৰি নিজে আসাম বা আহোম নাম লৈ কামৰূপত আসাম ৰাজ্য পাতে৷ তেতিয়াৰ পৰা পুৰণি কামৰূপ বা নতুন আসাম দেশত আকৌ নতুনকৈ বৌদ্ধধৰ্ম্মৰ এটি সোঁত ববলৈ ধৰে৷ এই টাই আহোম জাতিয়ে প্ৰাচীন ইণ্ডো-চীনা সভ্যতা, পৃথক ভাষা আৰু বৌদ্ধধৰ্মৰ বীজ আনি কামৰূপত ভাৰতীয় ভাষা, ধৰ্ম্ম, সভ্যতা-সংস্কৃতিৰ লগত মিহলাই নতুন অসমীয়া জাতি সৃষ্টি কৰে৷
আহোম জাতিয়ে সৌমাৰেদি কামৰূপত প্ৰৱেশ কৰোঁতে যি ধৰ্ম্ম লৈ আহিছিল, তাক সহজযান বৌদ্ধ মত বুলিব পাৰি৷ বৌদ্ধ গ্ৰন্থৰ পৰা জনা যায় যে, পঞ্চম খৃষ্টাব্দৰ মাজ ভাগত বৌদ্ধ-শাস্ত্ৰ ব্যাখ্যা কৰোঁতে সুপণ্ডিত বুদ্ধঘোষৰ দ্বাৰাই পোনপ্ৰথম বামাৰ্ আৰু শ্যাম দেশত বৌদ্ধধৰ্ম্ম প্ৰচাৰিত হয়৷ তেওঁৰ পাছতে খৃষ্টীয় দ্বাদশ শতাব্দীলৈকে সময়ে সময়ে ভাৰতৰ পৰা বহুত বৌদ্ধ ভিক্ষু গৈ নেপাল, তিবত, চীন, শ্যাম, বাম্মাৰ্ আদি দেশত বাহুল্যৰূপে বৌদ্ধধৰ্ম্ম প্ৰচাৰ কৰে৷ কিন্তু ন্যায়দৰ্শন আৰু নীতি-শাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি যি বিলাক ধৰ্ম্মোপদেশ বুদ্ধইজন সমাজক দি গৈছিল আৰু চিন্তাশীল পণ্ডিত ভিক্ষুসকলে যি সৎ ধৰ্ম্ম ভাৰতত বিলাই ফুৰিছিল তেনে ধৰ্ম্ম মঙ্গোলীয় জাতি সমূহৰ মাজত জনপ্ৰিয় কৰি তোলা কিমান টান হৈছিল তাক সহজে অনুমান কৰিব পাৰি৷ বিভিন্ন জাতিৰ মনোবৃত্তি, আচাৰ-ব্যৱহাৰ আৰু ভাষাৰ পাৰ্থক্যই ধৰ্ম্ম-প্ৰচাৰত বহুত বাধা জন্মাইছিল৷ সেইদেখি বেলেগ-বেলেগ দেশৰ জন-সমাজৰ মন-প্ৰাণ আকৰ্ষণ কৰিব পৰাকৈ আৰু সাধাৰণ মানুহৰ জ্ঞান বুদ্ধিয়ে ঢুকি পোৱাকৈ ধৰ্ম্মপ্ৰচাৰক ভিক্ষুসকলে যি এটা সহজ পথ উলিয়াই লৈছিল, তাকে মহাযানৰ শাখা সহজযান বৌদ্ধধৰ্ম্ম বোলা হৈছিল৷ ওপৰোক্ত দেশবোৰৰ অধিবাসী বিলাকক প্ৰচাৰকসকলে বৌদ্ধধৰ্মৰ মূলমন্ত্ৰ অৰ্থাৎ তিনিৰত্ন, চাৰি সত্য, দশ উপদেশ আৰু আঠ মাৰ্গ মাথোঁন চমুকৈ শিক্ষা দিছিল৷ তেওঁলোকৰ দেশত চলি থকা ৰীতি-নীতি, ক্ৰিয়া-কৰ্ম্ম, পূজা-পাতল, ভক্ষ্যাভক্ষ আদিত কোনো পৰিৱৰ্তন ঘটোৱা নাছিল৷
বৌদ্ধ গ্ৰন্থত পূৱ-এছিয়াৰ চীন দেশক স্বৰ্গৰাজ্য আৰু বাম্মাৰ্ দেশৰ উত্তৰ খণ্ডক ‘‘সুৱৰ্ণ ভূমি’’ বুলি উল্লেখ কৰা পোৱা যায়৷ টাই ভাষাত ‘‘খামটি’’ শব্দৰ অৰ্থও হৈছে ‘‘সোণৰ দেশ’’৷ এই চীন বা স্বৰ্গৰাজ্যৰ পৰা সুবৰ্ণ ভূমিয়েদি বা সোণ-ৰূপৰ জখলাৰে নামি অহা বুলি প্ৰসিদ্ধ টাই আহোম সকলৰ আদি ধৰ্মৰ মূল-মন্ত্ৰ আছিল ‘‘ফুৰা-তাৰা-আলঙ্’’৷ ইয়াৰ প্ৰকৃত অৰ্থ হৈছে বৌদ্ধৰ ত্ৰিবৰ্গ আৰু ত্ৰিৰত্ন অথাৰ্ৎ বুদ্ধ, ধৰ্ম্ম, সঙ¸ঘ৷ এই বিষয়ে অলপ মুকলিকৈ আলচ কৰা হওক৷ বুদ্ধৰ তিৰোধানৰ চ্ছ্ৰযপ্ত শ বছৰৰ পাছত, তেওঁৰ ধ্যানী মূৰ্ত্তিবিলাক বিহাৰত স্থাপিত হ’বলৈ ধৰিলে৷ এখন দুখনকৈ ক্ৰমশঃ পঞ্চমূৰ্ত্তি প্ৰতিষ্ঠিত হ’লঃ অমিতাভ, অক্ষোভ্য, বৈৰোচন, ৰত্নসম্ভৱ আৰু অমোঘসিদ্ধি৷ বুদ্ধৰ এই পঞ্চমূৰ্ত্তিক পুৰুষৰূপে ধাৰণা কৰি, তেওঁৰ পঞ্চশক্তি বা প্ৰকৃতি কল্পনা কৰা হ’ল৷ তেওঁলোকৰ নাম দিয়া হ’ল – তাৰা, পান্তৰা, মামকা, লোচনা আৰু আৰ্য্যতাৰিকা৷ ধ্যানী বুদ্ধ অমিতাভ বা ধ্যানী বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ মূৰ্ত্তি সৰ্বশ্ৰেষ্ঠ, সৰ্বপ্ৰথম আৰু অনন্ত জ্যোতিসম্পন্ন কৰুণাময়ৰূপে কল্পিত আৰু পূজিত হ’ল৷ তেওঁ নিত্য, শুদ্ধ, জ্ঞানময় পৰম ব্ৰহ্ম; তেওঁৰে ছায়াময়ী প্ৰকৃতি হ’ল ‘‘তাৰা৷ ’’ মহাযান বৌদ্ধসকলে ধৰ্ম্মক প্ৰজ্ঞা বা জ্ঞানৰূপে বুজি লৈ প্ৰকৃতি বা স্ত্ৰীৰূপে কল্পনা কৰিলে আৰু ধাতু-প্ৰন্তৰ নিৰ্মিত তাৰাদেৱীৰ মূৰ্ত্তি স্থাপন কৰি পুঁজিবলৈ ধৰিলে৷ মহাযান বৌদ্ধ শাস্ত্ৰত স্বৰ্গক শোক-দুখ, পাপ-তাপ আৰু জৰা-মৃত্যুৰ ভয় নথকা পৰম শান্তিময় স্থান বুলি বৰ্ণনা কৰিছে৷ সেই ঠাইত অপ্সৰাবোৰে মায়াজাল পাতি জীৱক আৱদ্ধ কৰিব নোৱাৰে৷ সেই দিব্য লোকত ধ্যানী বুদ্ধই বোধিসত্ত্ব অৰ্থাৎ নিৰ্বানপ্ৰাপ্ত সাধক সঙ¸ঘৰ মাজত জ্যোৰ্তিময়ৰূপে ধ্যানানন্দ উপভোগ কৰে৷ এতিয়া আমাৰ ‘‘ফুৰা-তাৰা- আলঙ্’’ মন্ত্ৰ বৌদ্ধ শাস্ত্ৰৰ এই ব্যাখ্যাৰ লগত মিলাই চালে স্পষ্টকৈ দেখা যায় যে অমিতাভ বা পদ্মপাণি অৱলোকিতেশ্বৰ বুদ্ধই হৈছে আহোম ভাষাত ‘‘ফুৰা’’; তেওঁৰে ধৰ্ম্ম বা প্ৰজ্ঞা হ’ল ‘‘তাৰা’’ আৰু দিব্য জ্যোতিসম্পন্ন সাধক সঙ¸ঘৰ আখ্যা হ’ল ‘‘আলঙ্’’৷ বৰ্তমান আসামত বৌদ্ধধৰ্ম পালন কৰি থকা টাই জাতীয় লোকসকলৰ মুখত এই মন্ত্ৰ উচ্ছাৰিত হয় ‘‘ফ্ৰা-ত্ৰা-সাঙ¸ঘা’’৷
টাই-আহোমৰ মাজত এতিয়ালৈকে চলি থকা ফুৰালুঙ পূজা ধ্যানী বুদ্ধ অমিতাভৰ উপাসনা৷ এই পূজাৰ বিৱৰণ আৰু আখ্যান আহোম ভাষাৰ ‘‘নেমি মাঙ্ ফুৰালুঙ’’ পুথিত বৰ্ণিত হৈছে৷ এই পুথিৰ উপদেশ বৌদ্ধ ধৰ্মৰ অহিংসা আৰু উদাৰ-নীতি সমৰ্থন কৰে৷ এই উপাসনাত কোনো জীৱ হত্যা কৰা নহয়৷ এই পুথি প্ৰকাশ হ’লে, আহোম জাতিয়ে কি ধৰ্ম্ম, সভ্যতা আৰু কৃষ্টি লৈ সৌমাৰ প্ৰৱেশ কৰিছিল, এই বিষয়ৰ বহুত তথ্য পোহৰলৈ আহিব৷ টাই-আহোম বিলাকে নেপাল, ভোট, চিক্কিম, তিব্বত আদি দেশৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ দৰে বহুত দেৱ-দেৱীৰ পূজা কৰে যদিও, তেওঁলোকে ‘ফুৰালুঙ’ পূজাক সৰ্ব্বশ্ৰেষ্ঠ বুলি মানে আৰু আন পূজা-সেৱাৰ আগতে এই পূজা নিৰামিষ প্ৰসাদেৰে সমাপন কৰে৷ আহোম জাতিৰ চকলঙ [বিৱাহ] উৎসৱত এশ-এগছ বন্তিৰে যি মড়ল পতা হয়, সিয়ো বোধিসত্ত্ব মণ্ডলীৰে পৰিবৃত জ্যোতিৰ্ম্মই ধ্যানী বুদ্ধৰ পৰিকল্পনা মাথোঁন৷ পুৰণি বৰটোপৰ মুখত মঠ-মন্দিৰৰ আগত যি চক্ৰ-চিহ্ন অঙ্কিত হৈছিল, সি বুদ্ধ-চক্ৰৰ বাহিৰে আন একো নহয়৷ ”
উৎস ঃ সভাপতিৰ অভিভাষণ, প্ৰথম অধিৱেশন, সদৌ আসাম বৌদ্ধ মহাসভা, ১০ মাৰ্চ, ১৯৪৬ চন৷
আমাৰ টোকা ঃ [ৰ] ইং ১৯৪১ চনৰ পৰা আহোম জাতিৰ মাজত ক্ষুদ্ৰ সংখ্যক আহোম বৌদ্ধ সকলৰ স্থিতি আছে৷ এওঁলোকৰ মাজত ফ্ৰালুঙ বৌদ্ধ পন্থা আৰু সহজযান বৌদ্ধ পন্থাৰ অনুগামী আছে৷ এওঁলোকে মুছলমান, খ্ৰীষ্টান, পাচীৰ্, শিখ আৰু আন বৌদ্ধধমীৰ্য় ৰা¸ষ্ট˜ীয় সংখ্যালঘু সম্প্ৰদায়ৰ দৰে বৌদ্ধ সংখ্যালঘু সম্প্ৰদায় হিচাবে পৰিচিতি লৈছে৷ ক্ষুদ্ৰ সংখ্যক আহোম বৌদ্ধ সকলৰ দৰে কিছু সংখ্যক আহোম খ্ৰীষ্টান সংখ্যালঘু সম্প্ৰদায় আছে৷ আহোম খ্ৰীষ্টানসকল বিধিগত ভাৱে খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত৷ ঠিক সেইদৰে গৰিষ্ঠসংখ্যক আহোম লোকৰ হিন্দু দেৱতা ধৰ্মৰ অনুগামী হিচাবে পৰিচিতি আছে৷
[২] আহোম ভাষাত জ্জ্ব-জ্ঝটা মান সুৰ আছে৷ ইয়াৰ একোটা শব্দই সুৰ অনুসৰি একৈশ-বাইশটালৈকে অৰ্থ প্ৰকাশ কৰে৷ আহোম ভাষাত শব্দৰ ৰূপান্তৰ নহয়৷ আহোম ভাষা মাতৃভাষা হৈ থকা নাই৷ ফলত আহোম ভাষাৰ সুৰৰ ধাৰাবাহিকতা নাই৷ আহোম ‘ফ্ৰা’ শব্দটো হিন্দুৰুৱা উচ্ছাৰণত ফুৰা হৈছে৷ ঠিক সেইদৰে ‘ট্ৰা’ শব্দটো টাৰা বা কেতিয়াবা ‘তেৰা’ হৈছে৷ গতিকে মূল অৰ্থৰো অন্য অৰ্থ হৈছে৷ ফ্ৰা-আলঙ শব্দ দুটা হিন্দুৰুৱা উচ্ছাৰণত ফুৰালুঙ হৈছে৷ অৱশ্যে ফ্ৰা-লুঙ শব্দৰ অৰ্থ বেলেগ৷ আহোম উচ্ছাৰণৰ ধাৰাবাহিকতা নথকাত আহোম শব্দৰ হিন্দুৰুৱা উচ্ছাৰণৰ অৰ্থই বেলেগ ব্যাখ্যা পাইছে৷
ফ্ৰালুঙ শব্দৰ অৰ্থ এনেকুৱা, ফ্ৰা-ভগৱান বুদ্ধ, লুঙ্- পৰম ঃ ভাৱাৰ্থ মানুহ পৰম ভগৱান বুদ্ধ৷ জাতক বোধিসত্ত্ব ফ্ৰা-আলঙ্ বা চমুকৈ ফ্ৰালঙ্ পুথি পাজিয়েই ফ্ৰালুঙ্ বৌদ্ধ পন্থাৰ ধৰ্ম শাস্ত্ৰ৷ ফ্ৰা-ভগৱান বুদ্ধ, আলঙ্- অৱতাৰ ঃ ভাৱাৰ্থ ফ্ৰা-ভগৱান বুদ্ধই বুXQ লাভ কৰাৰ আগতে বহুবাৰ বোধিসত্ত্ব ৰূপে অৱতাৰী হৈ আহিছিল বুলি সেই জন্মবোৰ ফ্ৰা-আলঙ্ বা চমুকৈ ফ্ৰালঙ্৷ ফ্ৰা-ভগৱান বুদ্ধৰ পূৰ্ব জন্মৰ কাহিনীবিলাকেই ফ্ৰালঙ্ জাতক কাহিনী৷ বোধিসত্ত্ব জাতকসকলক ফা-চাট বুলিও কোৱা হয়৷ ফা-বোধিসত্ত্ব, চাট-জাতক ঃ জাতক বোধিসত্ত্ব৷ ফ্ৰা-ভগৱান বুদ্ধলৈ ‘ৰু-লাই ’ বুলিও অভিহিত কৰা হয়৷ ৰু-বোধিজ্ঞান, লাই- আকৌ অহা ঃ ভাৱাৰ্থ আকৌ অহা বোধিজ্ঞান বুদ্ধ, অৰ্থাৎ আকৌ আগতে অহা একেগৰাকী বোধিজ্ঞান তথাগত বুদ্ধ৷ উল্লেখ্য যে ফ্ৰা- ভগৱান বুদ্ধই অনেক সময়ত নিজকে ‘তথাগত’ নামে পৰিচিত কৰিছে৷ অৱশ্যে আহোম জাতিয়ে ফ্ৰা-ট্ৰা-আলঙ বুলি কওঁতে অৰ্থ হয় এনেকুৱা, ফ্ৰা-ভগৱান বুদ্ধ, ট্ৰা-ধৰ্ম, আলঙ-অৱতাৰ ঃ ভাৱাৰ্থ মহাপৰিনিৰ্বাণত ফ্ৰা-ভগৱান বুদ্ধই অৱতাৰী ধৰ্ম বা কায়া হৈ গুণ ধৰ্মৰ ৰূপ লৈ মনুষ্য লোকত অদৃশ্য হৈ আছে৷ মহাযান বৌদ্ধ শাস্ত্ৰৰ মতেও ফ্ৰা-ভগৱান বুদ্ধৰ তিনি কায়াৰ ভিতৰতে এক কায়া ধৰ্মকায়া বুলি উল্লেখ হৈছে৷
[৩] মহাযান বৌদ্ধধৰ্মৰ বজ্ৰযান শাখাৰ পৰাই উদ্ভৱ সহজযান বৌদ্ধ পন্থা৷ ঐতিহাসিক যুগত বৌদ্ধতন্ত্ৰ শাস্ত্ৰ ৰচিত হয়৷ ইয়াৰ দেৱ-দেৱী সকল বৌদ্ধধৰ্মত সংস্থাপিত হোৱাৰ পিছত কৰ্মৰ অধীন হৈ আনৰ সেৱাত ব্ৰতী হয়৷ এই দেৱ-দেৱী সকল জপ-মন্ত্ৰ, ধ্যান-সাধনাৰ উপায় হিচাবেহে ব্যৱহাৰ হয়৷ সহজযান বৌদ্ধ পন্থাত ফ্ৰা-ভগৱান বুদ্ধৰ শৰণাগত মহাকাল বা শিৱ দেৱতা ধ্যানত উপায় হিচাবে প্ৰতিষ্ঠিত৷ উল্লেখনীয় যে মহাকাল টিবত, নেপাল, ভূটান দেশৰ ৰক্ষাকাৰী দেৱতা [Protective Deity]৷ এই সহজযান বৌদ্ধ পন্থা ৰাতিসেৱা ভকতি পন্থা বুলি পৰিচিত৷ দেহ-বিচাৰৰ গীত-মাত বিলাকেই এই পন্থাৰ নামগুণ৷ একাংশ আহোম, মিছিঙ আৰু নক্টে নাগাজন জাতিৰ মাজত এই পন্থা প্ৰচলিত আছে৷ অৱশ্যে গৰিষ্ঠসংখ্যক নক্টে নাগা জনজাতি মানুহ প্ৰভু যীশুখ্ৰীষ্টৰ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে৷ ব্ৰহ্মাদেশৰ পাগানৰ ৰজা আনাউৰাথা [ইং ১০৪৪-১০৭৭ খ্ৰীষ্টাব্দ]৷ এওঁ ব্ৰহ্মাদেশৰ মন ৰাজ্য জয় কৰি তাৰ পৰা থেৰাবাদ বা হীনযান বৌদ্ধ ধৰ্ম আনি প্ৰতিষ্ঠা কৰে৷ এওঁ মহাযান বৌদ্ধ ধৰ্ম আৰু ইয়াৰ পৰা উদ্ভৱ বজ্ৰযান, সহজযান আদি বিভিন্ন বৌদ্ধ পন্থাৰ ধৰ্ম-সংস্কৃতি উচ্ছেদ কৰি থেৰাবাদ বা হীনযান বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰে৷ ইয়াৰ প্ৰভাৱতেই পিছলৈ ইউনান-নানচাও দেশতো মহাযান বৌদ্ধ ধৰ্মৰ স্থানত থেৰাবাদ বা হীনযান বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠিত হয়গৈ৷
[4]বৌদ্ধ পৰম্পৰা মতে সমাজত জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থতে ৰাইজৰ সংখ্যাগৰিষ্ট লোকে এজনক সন্মতি দি স্বীকৃতিৰে ‘মহাজনসন্মত’ ৰজা হিচাবে স্থাপন কৰে৷ সমাজৰ সুৰক্ষা [Protection] আৰু কৰৰ [Taxation] মাজত সম্বন্ধ স্থাপন কৰিমহাজনসন্মত বা মহাসন্মত ৰজা হিচাবে অধিষ্ঠিত কৰে৷ পৰম্পৰা মতে ফ্ৰা-ভগৱান বুদ্ধইবোধিসত্ত্ব ৰূপে এক কল্পত সেই মহাজনসন্মত বা মহাসন্মত ৰজা হৈছিল৷ × বৌদ্ধ পৰম্পৰা মতে মহাজনসন্মত বা মহাসন্মত ৰজায়েই পৃথিৱীৰ আদি ৰজা৷
[5] বজ্ৰসত্ত্ব ধ্যানী বুদ্ধক আহোম জাতিয়ে চাও-ফা-ফেট্ বুলি অভিহিত কৰে৷ চাও- অধিকাৰী, প্ৰধান; ফা-ধ্যানী বুদ্ধ; ফেট্- বজ্ৰ শব্দৰ পৰা আহোমত ফেট্ হৈছে ঃ ভাৱাৰ্থ আন পাঁচজনা ধ্যানী বুদ্ধৰ ওপৰত বজ্ৰৰ অধিকাৰী বা প্ৰধান পুৰোহিত বজ্ৰসত্ত্ব ধ্যানী বুদ্ধ৷ আহোম জাতিয়ে এওঁৰ প্ৰতিমূৰ্তিজনাক চুমফ্ৰাৰুঙ্ছেঙ্মৌঙ্, চুমছেঙ বা হিন্দুৰুৱা ভাৱাৰ্থৰে চুমদেউ বুলি অভিহিত কৰে৷
বৌদ্ধ ৰাজপদ নিবাৰ্চিত ৰাজপদ৷ চাওফা-স্বৰ্গদেউসকল আহোম নিৰ্বাচিত ৰাজপদত প্ৰতিষ্ঠিত হৈ বজ্ৰসত্ত্ব ধ্যানী বুদ্ধৰ পূজাৰী হিচাপে অধিষ্ঠিত হয়৷ চাওফা-স্বৰ্গদেউ সকল ৰাষ্ট্ৰ আৰু ধৰ্মৰো প্ৰধান৷ বজ্ৰসত্ত্ব ধ্যানী বুদ্ধ- চুমদেউৰ পূজাভাগ ৰাজহুৱাকৈ নহৈ গোপনীয়কৈ অনুষ্ঠিত কৰা হয়৷ ইয়াত আন পুৰোহিত বা প্ৰজাৰ ভূমিকা নাই৷ চিৰিঙ পণ্ডিতে সেৱা-পৰিচৰ্য্যা কৰিলেও তেওঁ ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে৷





Post a Comment