Header Ads

জীৱন গঢ়ি তোলাত ভাৰতীয় শিক্ষাৰ গুৰুত্ব

 


 পুুৰন্দৰ বৰুৱা

 

ভাৰতীয় শিক্ষাৰ মূল লক্ষ্য হৈছেঅমৃত-তত্ব অনুসন্ধান৷ অমৃত-তত্ব লাভ কৰিব পাৰিলেহে জীৱনে পূৰ্ণতা লাভ কৰে আৰু আনন্দ ৰসেৰে মনক পৰিপুষ্ট কৰি তুলিব পাৰে৷ এনে অমৃত-তত্বৰ অনুসন্ধানক সফল কৰি তুলিবলৈ যি নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই তেওঁকেই ভাৰতীয়া শিক্ষা জগততগুৰুআখ্যা দিয়া হয়৷ গুৰুৱে শিষ্যক শিক্ষা দিয়াৰ উদ্দেশ্য হৈছে- ‘বিদ্যাদান৷ বিদ্যা আহৰণত সফল লে শিষ্যই অমৃত-তত্ত্ব লাভা কৰিবলৈ সমৰ্থ হয়৷ৱিদ্যয়া অমৃতমশ্লুতে  [বিদ্যাৰ দ্বাৰা অমৃত-তত্ত্ব লাভ কৰে] বুলি উপনিষদ গ্ৰন্থত উল্লেখ কৰিছে৷নাস্তি ৱিদ্যাসমং চক্ষুঃ [বিদ্যাৰ সমান কোনো চকু বা দৃষ্টি শ্ৰেষ্ঠ নোৱাৰে৷বিদ্যাবিহীনঃ পশুঃ [বিদ্যাবিহীন জন পশু] ইত্যাদি সুভাষিত বোৰৰ দ্বাৰা বিদ্যাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে৷ ভাৰতীয় শিক্ষাৰ মতে এই বিদ্যা দুই প্ৰকাৰপৰাআৰুঅপৰা অপৰা বিদ্যাৰ দ্বাৰা ভৌতিক জীৱনৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় আৰুপৰাবিদ্যাৰ দ্বাৰা পাৰমাৰ্থিক জীৱনৰ পূৰ্ণতা সফলৱতী কৰি তোলা হয়৷ এই দুটো বিদ্যাকেই জীৱনৰ পৰিপূৰক হিচাবে গণ্য কৰা হয়৷

                বৰ্ত্তমান শিক্ষাক বিশ্লেষণ কৰিলে প্লাষ্টিক ফুলৰ লগতহে তুলনা কৰিব পাৰি৷ বৰ্ত্তমান অন্তঃসাৰ শূন্য৷ সুগন্ধহীন৷ কোনো দেৱতা বা নৰৰূপী নাৰায়ণ সেৱাত ব্যৱহাৰ নহয়৷ কিন্তু এতিয়াও এই দুৰ্গন্ধলৈ ৰূপান্তৰ হোৱা নাই৷ জনমানস সজাগ লে ইয়াক সুগন্ধযুক্ত বাস্তৱ ফুললৈ ৰূপান্তৰ কৰিব পৰা নি( সম্ভৱ ব৷ ইয়াৰ বাবে প্ৰয়োজন ত্যাগ আৰু পুৰুষাৰ্থৰ৷ যি শিক্ষাৰ দ্বাৰা ব্যক্তিৰ কোনো চাৰিত্ৰিক ৰূপান্তৰ নহয়, যি শিক্ষাৰ দ্বাৰা

 

 মানুহৰ হৃদয়ৰ বিশালতা বৃদ্ধি হোৱাৰ পৰিবৰ্ত্তে সংকুচিত হয়, যি শিক্ষাই কেৱল পৰম্পৰা ৰক্ষাৰ নামত প্ৰতিযোগিতাৰ পৰিবৰ্ত্তে প্ৰতিদ্বন্দিতাৰ আক্ৰোশ-অগ্নি উদ্দীপ্ত কৰে তেনে শিক্ষা মানৱ জাতিৰ বাবে অভিশাপ হৈ পৰে৷ এনে শিক্ষাই এটা নিৰস আৰু হতাশাগ্ৰস্ত জীৱন গঢ় দিয়াৰ বাদে মানুহক কোনো মানসিক প্ৰশান্তিৰ বতৰা আনি দিব নোৱাৰে৷ কৃত্ৰিম ভাৱে গঢ়া প্লাষ্টিক ফুল পাহত কোঠা শুৱনি কৰা সৌন্দৰ্য বাহ্যিকভাৱে যিমানেই নাথাকক লাগে সি প্ৰকৃত ফুল পাহত থকা কোমলতাৰ সৌন্দৰ্য পূৰণ কৰিব নোৱাৰে৷ বৰ্ত্তমান শিক্ষাৰ নামত বিশুদ্ধ মানৱ সত্তাৰ পৰা এক বিকৃত ৰূপান্তৰৰ সামগ্ৰীক বিকাশ ঘটিবলৈ ধৰিছে৷ এই সম্পৰ্কে কুৰি শতিকাৰ চিন্তানায়ক  Rohit Mehta ণ্ণ. Krishnamurti and Sant Kabir” নামৰ পুথিত লেখিছে-“দ্দ্বঙ্গ have to note that there is a natural becoming and there is a conscious becoming. The natural becoming has its roots in the beingness of things whereas the conscious becoming is rooted in the mind and its action.” বৰ্ত্তমান আধুনিক যুগটো জন বিস্ফোৰণৰ লগতে জ্ঞান-বিস্ফোৰণৰো যুগ৷ এই যুগত মানৱ জীৱনৰ যি ক্ষিপ্ৰভাৱে বিকৃত ৰূপান্তৰ ঘটিছে- এনে ৰূপান্তৰৰ মাজত মানুহে নিজৰ সত্তাটোক হেৰুৱাই অন্য বিচাৰি উন্মত্তভাৱে হাঁহাকাৰ কৰিছে৷ অনু - পৰমাণুৰ পৰা মহাকাশৰ বুকুলৈকে মানুহৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি হৈছে তথাপি এনে জ্ঞানৰ বিস্ফোৰণক মানৱ জাতিৰ বাবে চৰম সৌভাগ্য বা গৌৰৱৰ বিষয় বুলি গণ্য কৰিব নোৱাৰি কাৰণএজন মানুহে দুঃখতে ক্ৰন্দন কৰিছে - এই কথাষাৰক জ্ঞান বা মনৰ বিশ্লেষণে অনুভৱৰ উপৰুৱা স্তৰলৈকেহে প্ৰৱেশ কৰিব পাৰে কিন্তু ক্ৰন্দনৰত মানুহজনক দুঃখৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্ব বহন কৰিবলৈ জ্ঞানৰ স্তৰটো ইচ্ছুক হৈ নুঠে৷ সেইদৰে জ্ঞানে এজন মানুহৰ অন্ধত্বৰ কাৰণ সমূহ ব্যাখ্যা কৰি দেখুৱাব পাৰে কিন্তু সেই অন্ধ মানুহজনৰ দুঃখৰ লগত সমভাগী নোখোজে৷ জ্ঞানে এটম বোমা তৈয়াৰ কৰিব পাৰে কিন্তু সেই বোমা বিস্ফোৰণৰ ভয়াবহতাৰ লগত জড়িত  নিবিচাৰে, বিচৰা লে প্ৰায় দুই লাখ মানুহৰ অবাঞ্চিত শোকাবহ মৃত্যুত ১৯৪৫ চনৰ আগষ্ট মাহত নাগাছাকী আৰু হিৰোচিমা বিশ্বৰ বৃহত্তম শ্মশানত পৰিণত হলহেতেন৷ বিজ্ঞান মহৰ্ষি আইনষ্টাইনে আৱিষ্কাৰ কৰা সাধাৰণ আপেক্ষিকতাবাদ [General Theory of Relativity] হৈছে  জ্ঞান সাধনাৰ পৰিণাম৷ মানসিক শ্ৰমৰ মাধ্যমেৰে জ্ঞান আয়ত্ব কৰি নতুন সৃষ্টি কৰিব পাৰি কিন্তু সেই সৃষ্টিক জীৱনৰ ধনাত্মক দিশেৰে আগুৱাই নিবলৈ জ্ঞানৰ সিপাৰে থকা সুক্ষ্মানুভূতিৰ প্ৰয়োজন যাক প্ৰজ্ঞা [intuition] বুলি কোৱা হয়৷ জ্ঞানৰ পৰিণাম সদায়ে আত্মকেন্দ্ৰিক৷ এজন ব্যক্তি, এটা জাতি বা এখন দেশৰ ক্ষেত্ৰতো পাৰে কিন্তু প্ৰজ্ঞাৰ পৰিণাম হৈছে একাত্মতাৰ অনুভূতি- স্থান-কাল মুক্ত, চৰ্তবিহীন [unconditional] সেয়েহে শ্ৰীমদ্ভগৱদ্গীতাত শ্ৰীকৃষ্ণই জ্ঞানক পৰম চেতন স্তৰলৈ উত্তৰণ কৰা প্ৰক্ৰিয়াধ্যানসাধনাক শ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে [জ্ঞানাদ্ধ্যানং ৱিশিষ্যতে ৷৷ গীঃ ১২৷ ১২]

                িশিক্ষা হৈছে কোনো একন দেশৰ সভ্যতা আৰু সংস্কৃতিৰ অপৰিহাৰ্য অংগ৷ শিক্ষাৰ দ্বাৰা কেৱল ব্যক্তিৰ সবাৰ্ংগীন বিকশেই নহয় বৰং সামাজিক আৰু সাংস্কৃতিক উত্তৰাধিকাৰো সংৰক্ষণ হয়৷ শিক্ষাৰ মাধ্যমেৰেই নতুন প্ৰজন্মৰ নিজৰ সংস্কৃতিৰ প্ৰতি আস্থা আৰু নিষ্ঠাৰ জন্ম হয়৷

                ভাৰতবৰ্ষই জীৱনৰ উষাকালৰ পৰাই প্ৰজ্ঞা (Intution) অথবা পৰাবিদ্যা সাধণত মগ্ন৷ সেই কাৰণেই এই দেশকভাৰতবুলি কোৱা হয়৷ভাঅথাৰ্ৎ প্ৰকাশ আহৰণত সদায়েৰতবা মগ্ন বাবে ভাৰত৷ সেই বাবে ভাৰথবৰ্ষক বিশ্বৰ মানুহে আধ্যাত্মিক দেশ বুলি বা ঋষি-মুনিৰ দেশ বুলিহে বিশেষ ভাৱে জানে৷

                আধ্যাত্মিক দেশ হিচাপে ভাৰতবৰ্ষই যে কেৱল পৰা বিদ্যা [Divine Wisdom ] আহৰণ কৰিছিল এনে নহয়; উদ্যোগ, কলা-কৌশল আৰু জ্ঞান-বিজ্ঞানতো বিশ্বৰ নেতৃত্ব দিছিল সহস্ৰ বছৰ ধৰি৷ তৰ্ক, ব্যাকৰণ, দৰ্শন, তত্ত্বজ্ঞান, ঔষধি-বিজ্ঞান, শৰীৰ ৰচনা বিজ্ঞান, জ্যোতিষ আৰু গণিত শাস্ত্ৰত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছিল৷

                খ্ৰীঃপূঃ ৩০০ চনত গ্ৰীক ৰাজদূত মেগেস্থেনীজৰ লিখনিত উল্লেখ কৰিছে- “কোনো ভাৰতীয় লোকৰেই মিছা কথা কোৱাৰ অপৰাধ নাছিল [অৰ্থাৎ কোনেও মিছা নকৈছিল] সত্যবাদিকতা আৰু সদাচাৰ তেওঁলোকৰ দৃষ্টিত বহুত মূল্যবান কথা আছিল [Megasthenes-Fragment  ত্ন.৩৫] . আেŒI×কৰৰ মতে-“উপনিষদ কালত ভাৰতৰ সাক্ষৰতা ৮০ প্ৰতিশত আছিল৷ [Altekar-Education in Ancient India, ত্ন-১৭৪] ছান্দোগ্য উপনিষদ [প্ত৷ ১০৷ প্ত] এজন ৰজাই কৈছে-“মোৰ ৰাজ্যত কোনো নিৰক্ষৰ নাই৷

                তক্ষশিলা নালন্দা, বল্লভী, বিক্ৰমশিলা, ওদন্তপুৰী, মিথিলা, নদিয়া আৰু কাশী আদি বিশ্ববিদ্যালয়ৰ খ্যাতি সম্পূৰ্ণ বিশ্বতেই ব্যাপ্ত হৈছিল৷ ভাৰতবৰ্ষৰ প্ৰায়বোৰ গাৱঁতেই পাঠশালা আছিল৷ অষ্টাদশ শতাব্দীৰ মাজভাগত কেৱল বংগদেশতেই ৮০ হাজাৰ টোল[পাঠশালা] আছিল৷ ভাৰতীয় শিক্ষাৰ উদ্দেশ্য হৈছে মানৱ ব্যক্তিত্বৰ উচ্ছতম বিকাশ৷ ভৌতিক আৰু আধ্যাত্মিক এই দুয়ো দিশতেই ভাৰতীয় বিদ্যালয়সমূহে এনেহেন জ্ঞান আৱিষ্কাৰ কৰিছিল যাৰ বাবে বিশ্বৰ দাৰ্শনিক আৰু বিজ্ঞানীসকল ভাৰতৰ ওচৰত আজিও ঋণী৷ অতিকে দুভাগ্যৰ্ৰ বিষয়টো হৈছে- ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই বাৰম্বাৰ বিদেশী আক্ৰমনত দাৰুণ আঘাত সহ্য কৰিব লগা হৈছিল৷ মুছলমানসকলৰ শাসন কালত শিক্ষাকেন্দ্ৰসমূহ নষ্ট- ভ্ৰষ্ট কৰি পেলোৱা হৈছিল৷ কিন্তু ইংৰাজ শাসনকালত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিমান হানি হৈছিল মুছলমানৰ শাসন কালত সিমান হোৱা নাছিল৷ কাৰণ মুছলমানে কেৱল শিক্ষা আৰু ধৰ্মানুষ্ঠান সমূহহে ধবংস কৰিছিল কিন্তু ভাৰতীয় লোকৰ মনস্তত্ত্ব ভোগবাদৰ শিক্ষাৰে কলুষিত নকৰিছিল৷ মেকলেৰ কুটিল শিক্ষা নীতিৰ দ্বাৰা ভাৰতীয়ক কেৱল শৰীৰহে ভাৰতীয় হৈ থকাৰ চক্ৰান্ত কৰিলে; কিন্তু মনেৰে সিহঁত সম্পূৰ্ণ ইংৰাজ হৈ থাকিব৷ ১৮৩৪ চনত জনশিক্ষা সমিতিৰ অধ্যক্ষ হিচাপে তেওঁ কৈছিল- “ট্ট single shelf of a god European library was worth the whole native literature of India and Arabia”

                ভাৰতবাসীক ভাৰতীয়তা বা ভাৰতীয় শিক্ষাৰ সাংস্কৃতিক ঐতিহ্য বিস্মৰণ কৰাবৰ বাবে মেকলেৰ আছিল এক ৰাজনৈতিক চক্ৰান্ত অথবা ভাৰতীয় শিক্ষাৰ অন্তঃসাৰৰ সম্যক জ্ঞান নথকাৰ অজ্ঞতা৷ মেকলেৰ সেই শিক্ষানীতিয়ে  ভাৰতবৰ্ষত বহুতো মানস পুত্ৰৰ সৃষ্টি কৰিলে আৰু লাহে লাহে তেওঁলোকৰ নিজৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি অনীহা আহিবলৈ লে৷ পৰিণামস্বৰূপে পশ্চিমীয়া সভ্যতাই তেওঁলোকক গ্ৰাস কৰিবলৈ ধৰিলে৷ লগে লগে ভাৰতীয় শিক্ষা জগতৰ উদ্দেশ্যসমূহ সফল হোৱাত ব্যৰ্থ হৈ আছিল৷ অৱশ্যে পশ্চিমীয়া শিক্ষাই ভাৰতবৰ্ষক অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰৰ পৰা কিছুক্ষেত্ৰত মুক্ত কৰা কথাও নুই কৰিব নোৱাৰি কিন্তু নিজৰ শিক্ষা সংস্কৃতিক অৱহেলা কৰাটো আছিল সৰহ সংখ্যকৰ আবেগপ্ৰৱণ ব্যাধি৷

                ভাৰতীয় শিক্ষাৰ লক্ষ্য হৈছে আত্ম-জ্ঞান বাআত্মানাং বিদ্ধি [ Know theyself] অথাৰ্ৎ নিজক জনা বা উপলদ্ধি কৰা৷ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো তথ্য জানি একো লাভ বহ যদিহে নিজক জনা নাযায় বা উপলদ্ধি কৰিব পৰা নাযায়৷ নদীত

 নাও ডুবিলে সাতুৰিব জনাজনহে বাচিব৷ সাগৰ আৰু নদীৰ বিষয়ত বিজ্ঞানসন্মত

 

 বহুতো জ্ঞান থাকিলেই সাতুঁৰিব নজনাজন বাচিব নোৱাৰে৷ সেয়েহে স্বামী বিবেকানন্দই কৈছে যে শিক্ষা মানে তথ্য আহৰণ কৰা মস্তিষ্কৰ এটা মেটমৰা বোজা নহয়৷ চৰিত্ৰ নিমাৰ্ণৰ প্ৰক্ৰিয়াহে৷ শিক্ষাৰ অন্যটো দিশ হৈছে - “আত্মদীপো ভৱ [Bঙ্গ lamp upto Yourself] অথাৰ্ৎ আত্মনিৰ্ভৰশীল হোৱা৷ স্ব-পুৰুষাৰ্থ জাগৰণৰ বাবে এই মহাবাণী দি থৈ গৈছে ভগৱান বুদ্ধদেৱে৷ আধ্যাত্মিক ভেটিৰ আনটো দিশ হৈছে- ঈশ্বৰ প্ৰণিধান [Devotion]  অৰ্থাৎ ভগৱানত ভক্তি বা আত্মসমৰ্পণ৷ ঈশ্বৰত ভক্তি বা আত্মসমৰ্পণে মানুহক অভি মানশূন্য কৰি সমাজৰ একতা স্থাপন কৰে৷

                জ্ঞানৰ সিপাৰে মানৱীয় চেতনাৰ আঁৰত এখন বিশাল চেতনাৰ ক্ষেত্ৰ আছে৷ প্ৰকৃতি জগতৰ ৰহস্য বিচাৰি বিজ্ঞানী সকলেও যেন সেই ক্ষেত্ৰখনৰ কাষ চাপিছেগৈ৷ বিজ্ঞানী আথাৰ্ৰ এডিংটনৰ মতে- “দ্দ্বঙ্গ are now on the borderland of the spirirual and materrial world as ahproached from the side of the latter”  যিটো স্তৰক বিজ্ঞান মহৰ্ষি আইনষ্টাইনে জীৱনৰ শেষ বয়সত উদ্ভাৱন কৰি থৈ গৈছেএকীকৃত ক্ষেত্ৰ [Unified field theory] একে  সুৰতেই চাৰ জেমচ্ বক্তব্য কৰিছে এনেদৰে- “In the deeper reality between space and time, we may be all members of body” এনেবোৰ বৈজ্ঞানিক চিন্তাৰে ভৰা বক্তব্যবোৰৰ পৰা জানিব পাৰি যে মানৱীয় চেতনাৰ অন্তৰালত এনে এখন মূল ক্ষেত্ৰ আছে স্থান-কালে উদ্ভৱ কৰা বিভাদনৰ কোনো তৰংগৰ প্ৰদুষণ নই৷ এই ক্ষেত্ৰখন মানসিক বা জ্ঞানৰ স্তৰৰ অতীত এক অতিকে পৱিত্ৰ চেতনাৰ স্তৰ যুক্তি তৰ্কই সৃষ্টি কৰা সন্দেহ আৰু সংশয়ৰ চাতুৰালীৰে ভৰা মস্তিষ্ক নাই আছে মাত্ৰ বিশ্বাস আৰু প্ৰেমেৰে ভৰা বিভেদহীন একাত্মতাৰ সৰগীয় অনুভুতি যাক আমি হৃদয় বুলি কওঁ৷

                এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু এটা তালবদ্ধ [Rhythmical ] লয়ৰ অৱস্থাত অব্যাহত আছে৷ শৰঈৰৰ কোষবিলাকৰ ভিতৰতো সংগীতৰ স্তৰৰ লহৰৰ দৰেই এটা তালবদ্ধলয় অন্তনিৰ্হিত হৈ আছে৷ এনে স্বাভাৱিক যি তালবদ্ধ সংগীতৰ লয় তাক বৰ্হিজগতৰ পৰা অহা বিভিন্ন ভাৱৰ প্ৰতিক্ৰিয়াই ভংগ কৰে৷ ফলস্বৰূপে শৰীৰত উদ্ভৱ হোৱা প্ৰাণ শক্তি বিশৃংখলিত হৈ ক্ষয় বলৈ ধৰে৷ পৰিণাম স্বৰূপে শৰীৰ আৰু মনৰ মাজত অসুখ অশান্তি প্ৰবেশ কৰে৷ প্ৰাণায়াম সাধনাৰ দ্বাৰা বা ধ্যান সাধনাৰ দ্বাৰা যোগীয়ে শৰীৰৰ সমস্ত কোষৰ মাজত অন্তনিৰ্হিত থকা মহাপ্ৰাণ শক্তিৰ মাজত তালবদ্ধলয়ৰ সৃষ্টিকৰি প্ৰকৃতিৰ স্বাভাৱিক লয় ঘুৰাই আনি মহাপ্ৰাণ শক্তি জাগ্ৰত কৰিব পাৰে৷ ভাৰতীয় যোগীৰ মতে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰা অনু পৰমাণুলৈকে সিবিলাকৰ অন্তৰালত যি তালবদ্ধলয়ৰ সংগীত আছে সেয়া সৃষ্টি কৰিছে শিৱ আৰু শক্তিয়ে যাক তাণ্ডৱ আৰু লাস্য নৃত্য বুলি অভিহিত কৰিছে৷ এই সম্পৰ্কে বৃটেইনৰ পদাৰ্থ বিজ্ঞানী Fritjof Cpra তেওঁ পুথি “Tao of Physics”” লিখিছে- “The dance of Shiva is the dancing universeজ্ব the ceaseless flow of energy going thopugh an infinite variety of Patterns that melt in one another” অন্যহাতে লাস্য নৃত্যৰ সম্পৰ্কে কানাডাৰ যশোধাৰা আশ্ৰমৰ অধিকাৰ স্বামী শিৱানন্দা ৰাধাৰ লিখিত পুথি “Kundalini Yoga” লিখিছে - “Lasya, the lurning, the sweet, a whispers move together in bliss, delight and timelessness, in perfect rhythm. Through this dance the world comes into being

                এনে আধ্যত্মিক শিক্ষাৰ পূৰ্ণতাৰ বাবে ভাৰতীয় শিক্ষাব্যৱস্থাত আন চাৰি প্ৰকাৰ শিক্ষাকো সংযোগ কৰা হৈছে৷ শাৰীৰিক শিক্ষা, ব্যৱসায়িক শিক্ষা, মানসিক শিক্ষা আৰু নৈতিক শিক্ষা৷ এই সকলোকে একেলগে পঞ্চমুখী শিক্ষা বুলি অভিহিত কৰা হয়৷ এই শিক্ষাৰ দ্বাৰা ভাৰতীয় সমাজৰ শৰীৰ, মন আৰু আত্মাৰ সবোৰ্ত্তম বিকাশ লাভ হৈছিল লগতে আৰ্থ সামাজিক দিশৰো উন্নতি লাভ হৈছিল৷

                ভাৰতীয় ঋষি সকলে জীৱন যাত্ৰা সুগম কৰি তুলিবৰ বাবে ভৌতিক শিক্ষাৰ লগত আধ্যত্মিক শিক্ষাৰ সু-সামঞ্জস্য পূৰ্ণ প্ৰক্ৰিয়া গঢ়ি তুলিছিল৷ ইয়াৰ প্ৰমাণ হিচাপে ঈশোপনিষদত এটা শ্লোক আছে-

                                অন্ধং তমঃ প্ৰবিশন্তি য়ে অবিদ্যামুপাসতে৷

                                ততো ভূয় ইৱ তে য়ে বিদ্যায়াং ৰতাঃ৷৷

                অথাৰ্ৎ যিসকলে ভৌতিক শাস্ত্ৰ উপাসনা কৰে তেওঁলোক অন্ধকাৰত পতিত হয়, কিন্তু সেইসকলে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কোনোটো দিশেই অকাঙ্গী আৰু অপূৰ্ণ নহয়৷

                বৰ্ত্তমান দেখা গৈছে যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি পৃথিৱীৰ বিশিষ্ট চিন্তানায়ক সকল গভীৰভাৱে আকৃষ্ট হৈছে৷ অতিকে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আধুনিক যুগৰ যিসকল পাশ্চাত্যৰ কবি, দাৰ্শনিক, বিজ্ঞানী আৰু চিকিৎসক তেওঁলোকৰ চিন্তাৰ আৰু লিখনিৰ পৰিপূৰ্ণতাৰ বাবে ভাৰতীয় দৰ্শ অপৰিহাৰ্য অংগ হৈ পৰিছে৷ উদাহৰণ স্বৰূপে মাৰ্কিন টি.এচ. এলিয়টৰ এটি দৃষ্টান্ত দাঙি ধৰিব পাৰি৷ তেওঁ প্ৰথমে James Haughto wood Yoga system of Patanjali অধ্যয়ণ কৰি ভাৰতীয় শিক্ষা দৰ্শনৰ প্ৰতি আকৃষ্ট হয়৷ পৰিণামস্বৰূপে তেওঁ কেইবাবছৰো সংস্কৃত আৰু পালি ভাষাত হাভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে৷ এই প্ৰসংগত তেওঁ লিখিছে-“Long ago I studied the ancient Indian language and while I was cheifly interested ast that time in polosophy I read a little poetry also, and I know that my own poetry shows the influence of Indian thought and sensibility” তেওঁৰ বিখ্যাত কবিতাটোৰ নাম “The waste Land” এই শেষৰ ভাগটোত কবিয়ে অনূৰ্বৰ অথাৰ্ৎ ৰসহীন পৃথিৱীখনত মানুহৰ যি হাহাকাৰ তাক নিৰ্মূল কৰিবৰ বাবে ভাৰতীয় দৰ্শনত আশ্ৰয় লৈছে৷ এওঁ ব্যৱহাৰ কৰা দত্ত, দয়ধবম আৰু দাম্যত এইতিনিটা শব্দ বৃহদ্দাৰণ্যক উপনিষদৰ৷ দত্ত [দিয়া; to give] দয়ধবম [দয়াবান হোৱা; to be compassionate] আৰু দাম্যত [দমন; Self Control] পৃথিৱীলৈ এই তিনিটা সৰগীয় গুণ নামি আহিলে অনুৰ্বৰ পৃথিৱীত দগ্ধ হোৱা মানৱজাতিৰ প্ৰকৃতশান্তি লাভ ব৷

                এনেকুৱা বহুটো দৃষ্টান্ত আছে যে আজি পাশ্চাত্যৰ বহুতো চিন্তানায়কে আধ্যাত্মিক দেশ, ঋষি-মুনিৰ দেশ ভাৰতবৰ্ষৰ পৰা ভাৰতবৰ্ষৰ শিক্ষা সংস্কৃতিৰ পৰা বিশ্ব শান্তি কামনা কৰিছে৷ এনে স্থলত ভাৰতীয় লোকসকলে কেৱল পাশ্চাত্য সভ্যতাৰ প্ৰবাহকে সৰ্বস্ব বুলি নাভাবি ভাৰতীয় শিক্ষাৰ অন্তঃসাৰৰ প্ৰতি অন্তদৃষ্টিৰ লগতে বিহঙ্গম দৃষ্টি ৰখাৰ সময় ইতিমধ্যে উকলি গৈছে৷ আশা কৰিব পাৰি যে বৰ্ত্তমান শিক্ষা ব্যৱস্থাৰ লগত ভাৰতীয় আধ্যাত্মিক শিক্ষাক কৌশলপূৰ্ণভাৱে জড়িত কৰিলে শিক্ষাজগতত মানুহ গঢ়াৰ এক নতুন দিশৰ সূচনা ব৷ এই কাম সফল কৰি তুলিবৰ বাবে শিক্ষাৰ দিশত নেতৃত্ব বহনকাৰীসকলে ভাৰতীয় শিক্ষাৰ অন্তঃসাৰত প্ৰৱেশ কৰিবলৈ গভীৰ অধ্যয়নৰ লগতে অধ্যাৱসায় আৰু স্বাধ্যায়ৰ আশ্ৰয় লাগিব৷

                বৰ্ত্তমান শিক্ষাক বিশ্লেষণ কৰিলে প্লাষ্টিক ফুলৰ লগতহে তুলনা কৰিব পাৰি৷ বৰ্ত্তমান অন্তঃসাৰ শূন্য৷ সুগন্ধীহীন৷ কোনো দেৱতা বা নৰৰূপী নাৰায়ণৰ সেৱাত ব্যৱসায় নহয়৷ কিন্তু এতিয়াও এই ফুলপাহে দুৰ্গন্ধলৈ ৰূপান্তৰ হোৱা নাই৷ জনমানস সজাগ লে ইয়াক সুগন্ধযুক্ত বাস্তৱ ফুললৈ ৰূপান্তৰ কৰিব পৰা নি( সম্ভৱ ব৷

No comments