Header Ads

বেলুন



অভিজিৎ চলিহা

গপতে গংগাটোপ হৈ
আকাশত উৰে সি...৷
কেৱল এসোপামান বায়ু বুকুত বান্ধি
আকাশ চোৱাৰ উচ্ছাকাঙ্খাত,
আৰম্ভ কৰে এক ভয়ানক যাত্ৰা৷
যেতিয়াই বৃদ্ধি পায় বায়ুৰ চাপৰ মাত্ৰা
পলকতে গবৰ্ তচ্‌নচ্‌ কৰি
হাইথা মাটিত পৰাদি সি পংগু হয় চিৰদিনলৈ৷
বেলুনবোৰ ইমানেই আত্মগৌৰৱী,
ফুটাৰ সময়তো নিজৰ পৰাক্ৰম দেখুৱাবলৈ
শব্দ কৰে, ঢ...প...
অৱশ্যে মাটি আৰু আকাশৰ হাতৰ মুঠিতেই বন্দি
বেলুন বোৰৰ শৈশৱ, কৈশোৰ কিম্বা যৌৱন৷}}


No comments