জাতীয় সংগঠনৰ জাতীয়তাবোধ
অসমীয়া জাতিৰ এক সুকীয়া অস্তিত্ব আৰু গৰিমা আছে যদিও সেইয়া লাহে লাহে ধ্বংসৰ দিশে গতি কৰিছে৷ অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ অস্তিত্বৰ আঘাত হনাত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি কাৰক সমূহে যথেষ্ট অৰিহণা যোগাইছে৷ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত অসমত বিভিন্ন সময়ত বিভিন্ন জাতীয় সংগঠনে জন্ম লাভ কৰিছে যদিও এই জাতীয় দল সংগঠন সমূহ বাৰু প্ৰকৃততে অসমীয়া জাতি বা ভাষাটোৰ ওপৰত কিমান দায়বদ্ধ, তেওঁলোকৰ ভূমিকা বাৰু কি? যি লক্ষ্য আৰু উদ্দেশ্য লৈ জাতীয় দল সংগঠন সমূহে জন্ম লাভ কৰে পৰৱত¹ সময়ত সেই লক্ষ্য-উদ্দেশ্য বা আদৰ্শৰ পৰা বিচলিত হয় নেকি? আজি জাতীয় সংগঠন বুলি ক’লে মনত এনে অনেক প্ৰশ্নৰ উদয় হয়৷ কাৰণ দুই এক জাতীয় সংগঠনৰ বাদে প্ৰায় সকলোবোৰ জাতীয় দল সংগঠনেই এতিয়া অসমৰ ৰাইজৰ বিশ্বাস হেৰুৱাই পেলাইছে৷ অসম আন্দোলনৰ জৰিয়তেই অসমত জাতীয়তাবাদী চিন্তাধাৰাৰ উন্মেষ ঘটিি¸ছল৷ অৱশ্যে আহোম ৰজা স্বৰ্গদেউ চুহুংমুং দিহিঙীয়াৰ দিনৰে পৰাই জাতীয়তাবোধৰ আৰম্ভণি বুলিব পাৰি৷ জাতীয়তাবোধে দেশ এখনত প্ৰধান চালিকা শক্তি ৰূপে কাম কৰে৷ দেশ এখনৰ সবাৰ্ঙ্গীন উন্নতিৰ বাবে জাতীয়তাবাদী চিন্তাধাৰাৰ বিশেষ গুৰুত্ব আছে৷ তেতিয়াৰে পৰা বিভিন্ন জাতীয় দল সংগ¸ঠনসমূহে নিৰবিছিন্নভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে যদিও আজি পৰ্যন্ত এক আশু সমাধান কৰিবলৈ সক্ষম নোহোৱাৰ অন্তৰালত কি বিশেষ কাৰণ নিহিত হৈ আছে, সেই কথা যুক্তিসহকাৰে পুঙ্খানুপুঙ্খকৈ বিশে¡ষণ কৰাৰ সময় আহি পৰিছে৷ বহিঃৰাজ্যৰ পৰা অহা এচাম পুঁজিপতি লোকে অসমক চৌদিশৰ পৰা লুটি-পুটি খাইছে৷ যাৰ ফলস্বৰূপে অসমৰ লোকসকল অসমতেই প্ৰাপ্য সুবিধা আৰু অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে, যি অতিশয় দুখঃজনক আৰু লজ্জাজনক৷ চকুৰ আগত সকলোবোৰ দেখিও জাতীয় দল-সংগঠন সমূহ আজি ৰহস্যজনকভাৱে নিমাত৷ কাৰণ একাংশ জাতীয় দল সংগঠনে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী বা তোনে কোনো অনুষ্ঠানত পুঁজিপতি সকলৰ ওচৰত হাত পাতিলেই লক্ষ্য লক্ষ্য টকাৰ বৰঙনি লাভ কৰে৷ যাৰ বাবে তেনে পুঁজিপতিসকল চৰম শোষণ আৰু দুৰ্নীতিত পোত গ’লেও জাতীয় দল সংগঠন সমূহৰ প্ৰকৃত স্বৰূপ খোল খোৱাৰ ভয়ত মনে মনে থাকিব লগা হয়৷ অৰ্থলোভী আৰু স্বাৰ্থলোভী এই সমূহ জাতীয় দল সংগঠনে এনেদৰে অসমৰ ৰাইজক নেতৃত্ব দিলে অসম আৰু অসমীয়া এদিন বৃহৎ পুঁজিপতিৰ হাতৰ পুতলা হ’ব লাগিব৷ ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থ পৰিত্যাগ কৰি অসম আৰু অসমীয়াৰ বৃহৎ স্বাৰ্থৰ খাতিৰত অসমৰ সমূহ জাতীয় দল সংগঠনে মাত মাতিবলৈ আৰম্ভ হ’লেহে ধ্বংসৰ দিশে গৈ ¸থকা অসমীয়া জাতিৰ অস্তিত্ব কল্পনা কৰিব পৰা যাব৷ কেৱল মাত্ৰ সাধাৰণ কাৰক কিছুমান লৈ অসম বন্ধ দিয়া, পুত্তালিকা দাহ কৰা আদিৰে জাতীয় সংগঠন জীয়াই থাকিব নোৱাৰে৷ অসমত পাবত গজা এনে সংগঠনৰ সংখ্যাই সৰহ৷ যি বছৰৰ প্ৰায় ৩৬৪ দিনেই নিমাত নিস্তব্ধ হৈ হাত সাৱটি বহি থাকে আৰু নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে বছৰৰ এটা দিনত অসম বন্ধ, পুত্তালিকা দাহ আদি কাৰ্যসূচী গ্ৰহণ কৰে৷ লগে লগে বাতৰি কাকত আৰু টেলিভিছনৰ কাৰ্যালয়লৈ আহি বাৰ পাছি ভুলেৰে প্ৰেছ বিজ্ঞপ্তি এখন দি অসমৰ ৰাইজৰ বাহঃ বাহঃ বুটলিবলৈ প্ৰচেষ্টা চলাই৷ আনকি দুই তিনিজন লগ হৈও ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে সংগঠনৰ জন্ম দিয়াৰ উদাহৰণ অসমত বিৰল নহয়৷ অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধান তথা দূৰ কৰাৰ ক্ষেত্ৰত জাতীয় দল সংগঠন সমূহৰ যথেষ্ট কৰণীয় আছে৷ অসমৰ শিক্ষিত থলুৱা লোকক বঞ্ছিত কৰি বহিৰাগত এচাম লোকক বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত নিযুক্তি দিয়া, অসমীয়া ভাষা দিনক দিনে অৱহেলিত হোৱা, অসমৰ ভূমিতেই অসমীয়া লোক বহিৰাগত বৃহৎ পুঁজিপতিৰ দ্বাৰাশোষিত হোৱা, অবৈধ বাংলাদেশীৰ সমস্যা, বানপানীৰ সমস্যা, অসমীয়া ভাষাৰ সংকট, চৰকাৰৰ বিভিন্ন বিভাগত বিয়াগোম দুন¹তি, ধন আত্মসাৎৰ কেলেংকাৰী আদি অলেখ সমস্যাৰে জৰ্জড়িত অসমত জাতীয় দল সংগঠন সমূহে মাত মাতিবলৈ ইচ্চু বিচাৰি ফুৰিব লগা হয় কিয়? অসমৰ সাৰ্বভৌমত্ব আৰু সবাৰ্ঙ্গীন উন্নয়নৰ স্বাৰ্থত জন্ম লাভ কৰা সশস্ত্ৰ সংগঠন আছিল আলফা৷ পৰবত¹ সময়ত সেই আলফাৰে একাংশ নেতৃত্বই কেৱল ধন আৰু ব্যক্তিগত স্বাৰ্থৰ বিনিময়ত জাতীয় স্বাৰ্থক জলাঞ্জলি দি সুৰ সলালে৷ অসমীয়া ভাষা আৰু অসমৰ অস্তিত্ব সংকটৰ সময়ত অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত জাতীয়তাবোধৰ চিন্তাধাৰাৰে জন্ম লাভ কৰা দল সংগঠন সমূহে মাত মাতিবলৈ ওলাই আহিবনে? “আমি অসমীয়া নহও দুখীয়া, কিহৰ দুখীয়া হ’ম” সেই বুলি হাত সাৱটি বহি থাকিলে ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত অসমৰ ঐতিহ্য বহন কৰা এপদ এপদ সম্পদ বহিৰাগত পুঁজিপতিৰ হাতলৈ গুছি যাব আৰু অসমীয়া বুলি নিজকে গৌৰৱ কৰাৰ থল নোহোৱা হ’ব৷ কছাৰী ৰজা তাম্ৰধ্বজ সিংহই অসমৰ লগত মধুৰ সম্পৰ্ক কেতিয়াও ভংগ নকৰে বুলি শপত খাই স্বৰ্গদেউ ৰুদ্ৰ সিহংলৈ এখনি পত্ৰ লিখিছিল - “লাউ তল যাব, শিল উপঙিব, কোৱা বগা হ’ব আৰু ব্ৰহ্মপুত্ৰ উভতি ব’ব, তথাপি মোৰ প্ৰীতি নাভাঙে৷ ” এইয়া দেশ আৰু জাতিৰ স্বাৰ্থত অসমৰ জাতীয়তাবোধৰ উৎকৃষ্ট নিদৰ্শন৷ প্ৰকৃত জাতীয়তাবোধ থকা লোকে কোনো মুহূৰ্ততে জাতীয় স্বাৰ্থক জলাঞ্জলি নিদিয়ে বৰঞ্চ ব্যক্তিগত ক্ষমতা আৰু স্বাৰ্থ পৰিত্যাগ কৰে যদিহে সেইয়া দেশ আৰু জাতিৰ মঙ্গলৰ হকে হয়৷ }}





Post a Comment