পৱন কুমাৰ গগৈ
বৈ আহে যেতিয়া
হৃদয়ৰ স্মৃতি নিজৰাত
চপৰা-চপৰ বেদনাবোৰ
খহি আহে প্ৰাণৰ
মাজত৷
উঠলি উঠে প্ৰাণ
তৰংগ
আৰু........!
উতলা মনৰ জোঁনাকী
নিশা
সৰি পৰে চকুলো
উষাহ লও কবিতাৰ
ধমনীত
কঁপি আছে এতিয়াও
শব্দবোৰ
তোমাৰ অজ্ঞাতে...
সাঁচি থ’ব পাৰে
যে,
কবিতাৰে মানুহৰ বুকুৰ সংবাদ........৷
Post a Comment