খহনীয়া
নৱ কুমাৰ বৰা
মহাবাহু!
কামেং সীমান্তৰ
মন্পা গাভৰুৰ যৌৱন ধোৱাই
ঘাটে-ঘাটে তৃষ্ণাতুৰৰ পিয়াহ গুচাই
বিষাদৰ উমান পালানেকি?
কিয় মন উচাতন?
কিয় সংহাৰিছা ভাৰস্তৰ ভূমি?
যৌৱনত বাঢি.ছে ঢল
কোনো খেদ নাই;
পাৰিলে আদৰিম
যোৰা নাম গায়৷
হঠাৎ সলালে গতি
হ’বতো বিস্তৰ ক্ষতি৷
চোৱা! ঝাওবন কঁহুৱাই
গায় নিচুকনি গীত
থৰ লাগি ৰয় বিকহী পখী
দিন-হীন, অন্নহীন
কতযে নিৰীহ প্ৰাণ!
ক্ষান্ত হোৱা মহাবাহু
এয়া প্ৰেমৰ লগন৷ }}





Post a Comment