Header Ads

অখ্যাত দেশৰ বিখ্যাত কাহিনী [চাৰি]

 


দ্ৰোপদীৰ বাবে পানী আনিবলৈ গৈ চাৰিও ককাই-ভাই ভীম, অৰ্জুন, নকুল আৰু সহদেৱ নোহোৱা ল৷ চাৰিওজনক কৌৰৱে কিড্নেপ কৰিলে বুলি যুধিষ্ঠিৰ চিন্তাত পৰিল৷ চিন্তাত ব্যাকুল হৈ চাৰিওদিশে বিচাৰ-খোঁচাৰ কৰিলত দেখিলে চাৰিওৰে মৃত দেহ নিকটবতীৰ্ সৰোৱৰ এটাৰ পাৰতে পৰি আছে৷ যুধিষ্ঠিৰৰ মূৰত যেন আকাশ ভাঙি পৰিলে৷ হঠাৎ দেখে যে এজন ব্ৰাহ্মণ দেউ তেওঁৰ কাষতে থিয় হৈ আছে৷ দেৱে জনালে যে তেওঁ এজন যক্ষ৷ তেওঁৰ অনুমতি অবিহনে চাৰিওজনে সৰোবৰৰ মিঠা পানী খাইছিল৷ গতিকে তেওঁ চাৰিওকে নিধন কৰিলে৷ এতিয়া চাৰিওৰে জীৱন ঘূৰাই আনিবলৈ যুধিষ্ঠিৰে যক্ষৰ প্ৰশ্নৰ পাৰ্ফেক্ট উত্তৰ দিব পাৰিব লাগিব৷ যুধিষ্ঠিৰে যক্ষৰ কথা শুনি উত্তৰ দিবলৈ সক্ষম ল৷ যক্ষই প্ৰশ্ন সুধি -

যক্ষ সূৰ্য অস্ত কিয় হয়?

যুধিষ্ঠিৰ সূৰ্যৰ পত্নী বৰ দন্দুৰী৷ সূৰ্য ৰাতি ঘূৰি নাহিলে তেওঁৰ পত্নীয়ে টাঙোন দি কোৱাই, সেয়েহে অস্ত বলৈ বাধ্য হয়৷

যক্ষ স্বৰ্গতকৈ ওখ কি?

যুধিষ্ঠিৰ পাঁচ পেগ মদ খালে স্বৰ্গ, মৰ্ত্য, পাতালৰ আওঁ-ভাওঁ নাথাকে আৰু বায়ুত উৰি থাকে৷

যক্ষ মানুহৰ দেৱত্ব লাভ কিদৰে হয়?

যুধিষ্ঠিৰ ধনী শহুৰৰ একমাত্ৰ কন্যাক বিবাহ কৰাৰ পাছত৷

যক্ষ কাৰ পৰাজয় অসম্ভৱ?

যুধিষ্ঠিৰ কাজিয়া লাগিলে নাৰীজাতিৰ লগত পৰাজয় অসম্ভৱ৷

যক্ষ মগজুতকৈ বেগী কি?

যুধিষ্ঠিৰ সন্দেহ৷

যক্ষ অসুখীয়াৰ বন্ধ³ কোন?

যুধিষ্ঠিৰ অসুখ লে হস্পাতালৰ ছিৰিবোৰত বহি থকাসকল যিয়েই বাট চাই থাকে কেতিয়া মৃতু্য আৰু কেতিয়া শ্মশানলৈ লৈ যাব পাৰি৷ শ্মশানলৈ লৈ যোৱা বন্ধ³ সকলেই প্ৰকৃত বন্ধ³

যক্ষ সুখী কোন?

যুধিষ্ঠিৰ অবিবাহিতসকল৷

যক্ষ কি ত্যাগ কৰিলে মানুহে ধন লাভ কৰিব পাৰে?

যুধিষ্ঠিৰ নীতি আৰু আদৰ্শ৷

যুধিষ্ঠিৰৰ উত্তৰ শুনি যক্ষই নিজকে ধন্য মানিলে যে ইমান গুণী-জ্ঞানী লোক তেওঁৰ সন্মুখত৷ উত্তৰত প্ৰসন্ন হৈ যক্ষই অৰ্জুন, ভীম, নকুল আৰু সহদেৱক জীৱন দান কৰিলে আৰু লে -‘হে যুধিষ্ঠিৰ তুমিহে পাৰিবা এই মহান ভাৰতবৰ্ষক নিয়ন্ত্ৰণ আৰু শাসন কৰিব৷ যোৱা, নিবিৰ্ঘ্নে ৰাজপাট কৰা৷ এই আদৰ্শ যাতে তোমাৰ সতি-সন্ততিৰ মাজত যুগ যুগ ধৰি বৰ্তি থাকে তাৰ ব্যৱস্থা কৰাগৈ৷ইয়াৰ পাছতেই পাঁচজন ককাই-ভাই উভতি আহিল আনন্দমনে৷ সেইকেইজনেই বৰ্তমান অসমৰ সবাৰ্নন্দ, হিমন্ত, ছন্দ্ৰমোহন, অতুল আৰু কেশৱ৷

No comments