অখ্যাত দেশৰ বিখ্যাত কাহিনী [তিনি]
নগেনে এদিন টেটুলৈকে মদ গিলি বিচনাত লাং খাই পৰি আছে৷ টোপনিতে সি সিপুৰী পালেগৈ৷ প্ৰথমে সি গৈ যমৰাজক ৰিকুৱেষ্ট কৰিলে তাক আৰু কেইদিনমান পৃথিৱীত থাকিবলৈ দিব লাগে৷ দয়ালু যমৰাজে নগেনৰ ৱৰ্ক ডায়েৰী চাই ৰিকুৱেষ্ট গ্ৰাণ্ট কৰিলে যদিও এইবাৰ মুগীৰ্ বনাইহে পৃথিৱীলৈ পঠালে৷ নগেনৰ আকৌ মানুহ, মুগীৰ্ এইবোৰত মতলব নাই৷ কিবা এটা হৈ পৃথিৱীত থাকিব পাৰিলেই এন্যাফ্৷ গতিকে মুগীৰ্ হৈ সি পৃথিৱীত প্ৰৱেশ কৰি অসমৰ নিজ গাঁৱলৈ আহি ¦£ুৰ্তিতে এটা কণী পাৰিলে৷ কণীটো দেখি নগেন নিজেও কন্ফিউজ্৷ কাৰণ কণীটো সোণৰ আছিল৷ মনৰ আনন্দ কণ্ট্ৰ’ল কৰিব নোৱাৰি নগেনে জোৰ দি দি কণী পাৰিবলৈ চেষ্টা কৰিলে৷ এনেতে তাৰ গাত কিবা এটা পৰা যেন অনুভৱ কৰিলত সি থতমত খালে৷ চকু মেলি দেখে নগেনৰ ঘৈণীয়েকে হাতত বাঢ.নী এডাল লৈ তাক কোবাইছে আৰু কৈছে - এই বয়সত মদ গাল গিলি বিচনাত হাগিবলৈ কিহে পাইছিল?





Post a Comment