Header Ads

অখ্যাত দেশৰ বিখ্যাত কাহিনী [দুই]

 


চহৰৰ ধনী ব্যক্তি এজনৰ গাড. পাৰ্কিঙৰ পৰা তেওঁৰ গাড.ীখন চোৰে লৈ উধাও ল৷ গাড.ীখন বিচাৰি গাড.ীৰ গৰাকী আৰু পুলিচ আধামৰা তথাপি গাড.ীৰ কোনো ক্লু উলিয়াব নোৱাৰিলে৷ ছেণ্ডেলৰ ফিটা চিঙি গাড.ীৰ গৰাকী পানী ধলা মেকুৰীৰ দৰে ঘৰ পালেহি৷ কিন্তু দুদিন পাছত চোৰে গাড.ীখন তেওঁৰ চোতালত ৰাখি থৈ ল৷ পুৱা শোৱা পাটিৰ পৰা গৰাকী উঠি গৈ নিজ চোতালত হেৰোৱা বিলাসী গাড.ীখন দেখা পাই আনন্দত আত্মহাৰা ল৷ সু-বুদ্ধিৰ উদয় হৈ চোৰে চুৰ কৰি নিয়া গাড.ীখন গৰাকীক গতালে বুলি গৃহস্থই মূৰৰ চুলি চিঙি চোৰক আশীবাৰ্দ দিলে৷ গৰাকীয়ে গাড.ীখনৰ ওচৰলৈ বিম্বাশৱদে দৌৰি গৈ উপস্থিত আৰু গাড.ীৰ দুৱাৰ খুলি সকলো ঠিকেই আছেনে তন্ন তন্নকৈ নিৰিক্ষণ কৰিলে৷ এনেতে তেওঁ এটা বগা খাম দেখা পালে৷  গৰাকী কিউৰি্য়াচ হৈ খামটো টপ্কৈ খুলি দেখিলে এখন সুন্দৰ চিঠি৷ চিঠিত লিখা আছে এইদৰে - মাৰ শৰীৰ হঠাৎ অসুস্থ হোৱাত চিকিৎসালয়লৈ নিবলৈ ৰাতি কোনো গাড. নোপোৱাত আপোনাৰ বিলাসী বাহনখনকে চকুত পৰিল আৰু আপোনাৰ আজ্ঞাতে লৈ উধাও হৈছিলো৷ আপোনাক মনোকষ্ট আৰু টোপনি খতি কৰোৱাৰ বাবে মই দুঃখিত৷ আপোনাৰ গাড.ীত মই নিয়াৰ সময়ত যিমান পৰিমাণৰ তেল আছিল বৰ্তমানো সিমানেই আছে তাৰোপৰি আপোনাৰ গাড.ীৰ দুই এক বিজুতি আছিল৷ সেইয়াও মই ঠিক কৰাই দিছো৷ লগতে আপোনাৰ পৰিয়ালৰ বাবে মই পাঁচটাবাহুৱলী- টিকট পঠাইছো৷ মানৱতাৰ খাতিৰত আপুনি মোক ক্ষমা কৰি দিব আৰু -পৰিয়ালে চিনেমাখন গৈ উপভোগ কৰি সমষ্ট দুখ পাহৰি পেলাব৷ গাড.ীৰ গৰাকীয়ে হেৰোৱা বিলাসী গাড., ফুল টেংকীপেট্ৰ লগতে চিনেমাৰ কমপ্লিমেণ্টৰি টিকট পাই সকলো পাহৰিলে আৰু পৰিয়ালৰ সকলোকে লৈ সেই গাড.ীৰেই চিনেমা চাবলৈ ল৷ পৰৰ পালে জ্বৰৰ গাৰে খোৱা গৃহস্থই মজগুল হৈ চিনেমা চাই আহি ঘৰ পাই কাণে মূৰে ধোৱা ওলাবলৈ ধৰিলে৷ আলমাৰীৰৰ লকাৰ ভাঙি -অলংকাৰ, টকা-পইচা, ঘৰৰ বয়-বস্তু চোৰে সকলো তোলাং কৰিলে৷ চোৰে সকলো লুট কৰি উভতি যাওতে আকৌ এখন চিঠি গৃহস্থৰ বাবে এৰি গৈছিল৷ তাত লিখা আছিল - এতিয়া গম পালেনে কাট্টাপ্পাই বাহুৱলীক কিয় মাৰিছিল৷

No comments