Header Ads

যোগৰ দ্বাৰা ডায়বেটিছ বহুমূত্ৰ ৰোগৰ নিৰাময়


  পৰিমল দাস

যোগব্যায়াম বা যোগাসনৰ উদ্দেশ্য হৈছে শৰীৰক সুস্থ ৰখা আৰু ৰোগগ্ৰস্থ শৰীৰক ৰোগমুক্ত কৰা, আধ্যাত্মিক চিন্তাৰ উৎকৰ্ষ সাধন আৰু আত্মা-পৰমাত্মাৰ মিলন৷ আসন দুই প্ৰকাৰৰ স্বাস্থাসন আৰু ধ্যানাসন৷ চাৰি প্ৰকাৰে যোগৰ ৰাজযোগৰ অন্তৰ্গত ইঠযোগত আসন, মুদ্ৰা, ধৌতি, প্ৰানায়ামৰ দ্বাৰা ৰোগমুক্তিৰ বিধান দিয়া আছে৷ দেবাদি দেৱ মানৱ কল্যানৰ বাবে ৮৪ লক্ষ আসনৰ উল্লেখ কৰিছে৷ অৱশ্যে সাংসাৰী মানুহৰ বাবে প্ৰয়োজন ৩০০ আসনৰ৷ যোগাসনৰ গ্ৰন্থত ১২০-১২৫ টা আসন মুদ্ৰাৰ প্ৰচলন আছে৷ মনত ৰাখিব লগীয়া কথা যে, যোগাসন, মুদ্ৰা, প্ৰানায়াম আদিৰ দ্বাৰা যি কোনো ব্যাধি নিৰাময় সম্ভৱ৷ ইয়াৰ সম্যক জ্ঞান নথকাৰ বাবে মানুহে দুৰাৰোগ্য ব্যাধি ভূগিবলগীয়া হৈছে৷ মানৱ জীৱনৰ প্ৰায়বোৰ ব্যাধিৰ মূলতেই হৈছে শাৰীৰিক পৰিশ্ৰম বিমুখিতা, স্বাস্থ্য সম্পৰ্কে সচেতন নোহোৱা, খেলা-ধূলা, ব্যায়াম আসন আদিৰ প্ৰতি অনিহা, শাৰীৰিক অত্যাচাৰ কৰা, ভোগ বিলাসত মত্ত হোৱা, পৰিমিত আহাৰতকৈ অতিৰিক্ত ভোজনৰ দ্বাৰা শৰীৰৰ ক্ষতি কৰা৷ ডায়বিটিছ বা বহুমূত্ৰ ৰোগ হয় প্ৰধানত অতি ভোজন, খেলা ধূলা, ব্যায়াম আদি নকৰা ব্যক্তিৰ৷ অতিৰিক্ত আহাৰ শৰীৰত উৎপন্ন হোৱা শৰ্কৰা, গ্লোকোজ আদি দাহ্য নহৈ শ্ৰমৰ অভাৱত ইয়ে আমাৰ লিভাৰ পেংক্ৰিয়াছ অগ্নাশয় আদিত চাপৰ সৃষ্টি কৰে ফলত পেংক্ৰিয়াছ দুৰ্ব্বল হৈ মধুমেহ নিবাৰণকাৰী ইনচিলল যোগান ধৰিব নোৱাৰাটোৱেই এই ৰোগৰ প্ৰধান কাৰণ৷ গ্লোকোজ নিয়ন্ত্ৰণ নোহোৱাত গ্লোকোজ চৰ্ব্বি আকাৰে আমাৰ শৰীৰৰ শিৰা ধমনী আদিত জমা হৈ ৰক্ত চলাচলত বাধাৰ সৃষ্টি কৰে৷ হৃদপিণ্ডই তেজ পৰিবহন কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগে, ইয়েই উচ্ছ ৰক্তচাপ৷ বহুমূত্ৰ প্ৰথম অৱস্থাৰ পৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এই ৰোগে অতি সোনকালে কিড্নি, লিভাৰ, চকু হৃদয়, ছাল আদি নষ্ট কৰি অকাল মৃত্যু ঘটাব পাৰে৷ যোগাসনৰ দ্বাৰা সম্পূৰ্ণ ভাৱে এই ৰোগ নিৰাময়ৰ ব্যৱস্থা আছে৷ ৰাতিপুৱা শুই উঠি মলমুত্ৰ ত্যাগ কৰাৰ পিছত মুখ হাত ধুই শুদাপেটে গোমূখাসন, জানুশিৰাসন, পদহস্তাসন, অগ্নিসাৰ ধৌতি কৰিব লাগে৷ পিছবেলা জানুশিৰাসন, হলাসন, শশংগাসন, যোগমুদ্ৰা, কপালভাতি, অনুলোমবিলোপ কৰিব পাৰিলে দুয়োবেল খোজ কঢ়াৰ অভ্যাস কৰিব পাৰিলে কিছুদিনৰ ভিতৰত ৰোগে নিৰাময় বলৈ আৰম্ভ ব৷ পেট সদায় খোলোছা ৰাখিব লাগিব৷

গোমুখাসন পোন হৈ বহি দুয়োভৰি সন্মুখলৈ মেলি দি সোঁভৰি বাওভৰিৰ ওপৰত ৰাখি আঠুত ভাজ লগাই সোঁ গেৰোহা বাও তপিনাত লগাই বাও ভৰি ভাজকৰি সোঁ তপিনাত লগাব লাগে৷ সোঁ হাত মুৰৰ ওপৰলৈ নি কিলাকূটিত ভাজকৰি পিঠিৰ ওপৰত ৰাখি বাও হাত ভাজকৰি৷ পিঠিত থকা সোঁহাতৰ আঙুলি ধৰি ৩০-৪০ ছেকেণ্ড ৰৈ হাত ভৰি স্বাভাৱিক অৱস্থাত পূৰ্ব্বৰ দেৰে বহি অলপ বিশ্ৰাম লৈ বাও ভৰি সোঁ ভৰিৰ গেৰোহা বাও তপিনাত লগাই দুয়োহাতে পূৰ্ব্বৰ দৰে ইখন হাতৰ আঙুলিত ধৰি ৩০-৪০ ছে. সময় ৰৈ হাত ভৰি মেলিদি শুই ১৫ ছে. বিশ্ৰাম লৈ পুনৰ আসন কৰা প্ৰতিবাৰতে ১৫ ছে. বিশ্ৰাম বা শৱাসন কৰিব তিনিবাৰ৷ চিত্ৰ নং

জানুশিৰাসন ভৰি মেলি পোনহৈ বহি বাও ভৰি আঁঠুত ভাজকৰি গেৰুহা শুহ্যদেশত [মলদ্বাৰ আৰু অণ্ডকোষৰ তলৰ অংশত] লগাই দুয়োহাতেৰে সোঁভৰিৰ বুঢ়া আঙুলি টানি ধৰি কপাল আঠুত লগাবলৈ চেষ্টা কৰিব লাগে৷ এনে অৱস্থাত ৩০ ছে. সময় থাকি ভৰি সলাই একেদৰে আঠুত কপাল লগাবলৈ চেষ্টা কৰাৰ নপিছত ১৫ ছে. শৱাসন কৰিব লাগে৷ তিনিবাৰ প্ৰতিভৰিত কৰাৰ পাছত এক মিনিট শৱাসন কৰিলে ইনুছিলনৰ যোগান ধৰি মধুমেহ আৰোগ্য কৰে৷

হলাসন পোনহৈ শুই দুয়ো হাত শৰীৰৰ কাষত ৰাখি ভৰি দুয়োটা মুৰৰ ওপৰেদি নি মাটিত লগাব লাগে৷ ৩০ ছে. সেময় এনেদৰে থাকি স্বাভাৱিক অৱস্থান যাব লাগে৷ এনেদৰে তিনিবাৰ কৰি বাৰেপ্ৰতি শৱাসন কৰিব লাগে ১০ ছে. সময়৷ শেষবাৰ কৰি একমিনিট শৱাসন কৰিব লাগে৷

পশ্চিমোত্তাসন ওপৰলৈ মুখকৰি শুই ভৰিমেলি দিব লাগে, এতিয়া উশাহ লৈ মূৰৰ ওপৰলৈ নি উশাহ এৰি দুহাতেৰে দুয়োটা ভৰি ধৰি শৰীৰৰ সন্মুখৰ ফালে আগবঢ়াই কপাল আঠুত ৩০ ছে. সময় লগাই থাকি পুনৰ শুই বিশ্ৰাম লৈ পুনৰ পুনৰ এনেদৰে বাৰ কৰি শেষত এক মিনিট শৱাসন কৰিব লাগে৷

পদহস্তান পোনকৈ ঠিয়হৈ উশাহ লৈ হাত দুখন মুৰৰ ওপৰলৈ তুলি লাহে লাহে হাউলি হাতৰ তলুৱাৰে মাটি স্পৰ্শ কৰি কপাল আঠুত লগাব লাগে৷ এই অৱস্থাত ৩০ ছে. সময় থাকি পোনহৈ ঠিয়হৈ অলপ সময় জিৰাই পুনৰ হাত মাটিত লগাই আঠুত কপাল লগাবলৈ চেষ্টা কৰিব লাগে৷ ৩০ ছে. সেইদৰে থাকি পোনহৈ ঠিয়হৈ জিৰাব লাগে৷

শশংসাসন ব্ৰজাসনত বহি দুয়ো হাতেৰে ভৰি গেৰুহা ধৰি শৰীৰ আগলৈ নি মূৰৰ তালু মাটিত লগাই কপাল আঠুত লগাই আৰু নিতম্ব ওপৰলৈ দাঙি পিঠি টান টানকৈ ৰাখি পেটৰ পেশী সমূহ কোছ খাব আৰু পিঠি টান হৈ থাকিব লাগিব৷ ৩০ ছে. আসন কৰি ১৫ ছে. শৱাসন কৰি তিনিবাৰ কৰাৰ পাছত এক মিনিট শৱাসন কৰিব লাগে৷

                এই সমূহ যোগাসনৰ দৰে অগ্নিসাৰ ধৌতি, যোগমুদ্ৰা মহামুদ্ৰা, কপালভাতি অনুলোম বিলোম, শৱাসন আদি আসন সমূহ পাৰ্গত ব্যক্তি বা পুস্তকৰ সহায়ত একান্ত ভাৱে অভ্যাস কৰিলে সুস্থ স্বাস্থ্যৰ অধিকাৰী পাৰি৷

No comments