Header Ads

অখ্যাত দেশৰ বিখ্যাত কাহিনী [এক]

 


স্বামী-স্ত্ৰীৰ মাজত দুৰ্ঘোৰ প্ৰেম৷ ইজনে-সিজনৰ পৰা একো কতাই নুলুকুৱাৰ শপত খাই থৈছে৷ তথাপি কিন্তু স্ত্ৰীয়ে বিয়াৰ সময়ত যৌতুকত অনা সৰু বাকচ এটা স্বামীক খুলি চাবলৈ নিদিয়ে৷ নাচোৰবান্দা স্বামীয়ে বহুত নেৰা-নেপেৰাকৈ লাগিলত স্ত্ৰী ফেইলাৰ হৈ স্বামীৰ হাতত বাকচৰ চাবিটো তুলি দিবলৈ বাধ্য ল৷ কিন্তু স্ত্ৰীয়ে স্বামীক লে -‘মোৰ প্ৰতি যিদিনাই তোমাৰ বিশ্বাস শেষ হৈ যাব, সেই দিনাই এই বাকচটো খুলি চাবা৷স্বামীৰ বুকু মৰমত উথলি উঠিল আৰু স্ত্ৰীক কথা দিলে তেওঁ যে কেতিয়াও সেই বাকচটো খুলি নাচায়৷

                কৌতূহলী স্বামীৰ মনে কিন্তু নামানিলে৷ স্ত্ৰী ঘৰত নথকাৰ সুযোগত এদিন লাহেকৈ বাকচটো খুলিলে৷ বাকচটোত আছিল মাত্ৰ চাৰিটা চাউল আৰু ৩০ টকা৷ কি আচৰিত৷ এই চাউল কেইটাকে মোৰ মানুহজনীয়ে মেকুৰীয়ে পোৱালী লুকুৱাই ৰখাদি মোৰ পৰা লুকুৱাই ৰাখিছিল নে? স্বামীয়ে হাঁহি হাঁহি বাকচটো আকৌ তলা লগাই থৈ দিলে৷ ভাবিলে স্ত্ৰীয়ে তেওঁৰ পৰীক্ষা বলৈহে এইটো খুলিবলৈ মানা কৰিছিল৷ এদিন দুয়ো অন্তৰংগ মূহুৰ্তত আছিল৷ তেনেতে স্বামীয়ে স্ত্ৰীক লে - ‘বেয়া নাপাবা৷ মই তোমাৰ বিশ্বাস ৰাখিব নোৱাৰিলো৷ তুমি যোৱাৰ পাছত মই বাকচটো এদিন খুলিছিলো৷ কিন্তু তাততো তেনেকুৱা একোৱেই নাই৷ তুমি মোৰ পৰীক্ষা বলৈ তেনেকুৱা কৰিছিলা নহয়নে কলিজা? কথাষাৰ শুনি স্ত্ৰীৰ পিলাই চম্কী যদিও বিপদত ধৈয্যই আদিমূল বুলি কুল আৰু সকলো কথা খোলাখোলিকৈ কৈ দিয়াটো স্থিৰ কৰিলে৷ কাৰণ ইজনে-সিজনক একো লুকঢাক নকৰো বুলি শপত খাই থৈছে৷ স্ত্ৰীয়ে লাজ লাজকৈ লে - মই আপোনাৰ পৰা একো লুকুৱাব নোৱাৰো৷ আচলতে মই বিয়াৰ আগতে যি কেইজন ৰাক ভাল পাইছিলো তেওঁলোকৰ নামত এটাকৈ চাউল ৰাখিছিলো৷ স্ত্ৰীৰ সত্যবাদিতাত স্বামী আনন্দিত আৰু লাইট্লি লে - একো নাই৷ মই চাৰিটা চাউল বাকচটোত পাইছিলো, মানে তুমি চাৰিজন ৰাক ভাল পাইছিলা আৰু সেইয়া বিয়াৰ আগৰ কথাহে আছিল৷ একো নাই মাত্ৰ চাৰিজনহে৷ বিয়াৰ আগত চবৰে এইবোৰ থাকেই৷ কিন্তু হঠাৎ স্বামীৰ ৩০ টকাটোলৈ মনত পৰিল৷ পত্নীক সুধিলে - বাৰু মই চাৰিটা চাউলৰ কাহিনী গম পালো৷ তাৰ বাবে মই তোমাক মাফ কৰিও দিলো৷ পিছে বাকচত ৩০ টকা এটাও দেখিছিলো যে৷ সেইটো কিহৰ বাবে? স্বামীৰ প্ৰশ্ন শুনি স্ত্ৰীয়ে উত্তৰ দিলে - এবাৰ টকাৰ অতি আৱশ্যক হোৱাত বাকচটোত জমা হোৱা চাউল এক কেজি বেচি দিছিলো৷ স্ত্ৰীৰ উত্তৰ শুনিয়েই স্বামীৰ সংজ্ঞা হেৰাল আৰু সুদীৰ্ঘ দহ বছৰৰ মূৰতহে ঘূৰি আহিল৷  

No comments