অসমীয়া গ্ৰন্থৰ সুবাস: শংকা আৰু সম্ভাৱনা
ড: নগেন শইকীয়া
গ্ৰন্থ সম্পৰ্কে অনেক কথা কোৱা হৈছে৷ অনেক স্মৰণযোগ্য মত অভিমত আৰু বাণীও প্ৰকাশিত হৈছে৷ গ্ৰন্থৰ গুণ আৰু প্ৰয়োজনীয়তা সম্পৰ্কেও যথেষ্ট আলোচনা হৈছে৷ তথাপি গ্ৰন্থ সম্পৰ্কে মানুহৰ মনত নিত্য নতুন ভাব, চিন্তা, ধাৰণা, আৰু কেতিয়াবা ভৱিষ্যৎ সম্পৰ্কে আশংকা সৃষ্টি নোহোৱাকৈ থকা নাই, আৰু সেইবাবে মানুহৰ সভ্যতা জীয়াই থকালৈকে গ্ৰন্থ সম্পৰ্কীয় আলোচনাৰো অন্ত নপৰিব৷
এইটো জনা কথা যে আমি দুটা প্ৰয়োজনত গ্ৰন্থ সংগ্ৰহ কৰোঁ – কোনো বিষয় সম্পৰ্কে জানিবলৈ অৰ্থাৎ কোনো বিষয়ৰ জ্ঞান লাভ কৰিবলৈ আৰু ৰস আস্বাদন কৰিবলৈ৷ প্ৰথমটো প্ৰয়োজন ব্যৱহাৰিক জীৱনৰ প্ৰয়োজন আৰু দ্বিতীয়টো হ’ল মানসিক জীৱনৰ প্ৰয়োজন৷ এই দুটা প্ৰয়োজনৰ বাবেই আমি গ্ৰন্থ সংগ্ৰহ কৰোঁ৷ ব্যৱহাৰিক প্ৰয়োজনৰ প্ৰকাৰ অনেকবিধ৷ কোনোৱে হয়তো আনুষ্ঠানিকভাৱে কোনো বিষয় জনাৰ প্ৰয়োজনত গ্ৰন্থ সংগ্ৰহ কৰিছে, কোনোৱে কোনো বিশেষ বিষয়ৰ জ্ঞান লাভ কৰি সেই বিষয়ত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবৰ বাবে গ্ৰন্থ সংগ্ৰহ কৰিছে, কোনোবাই হয়তো জীৱিকাৰ বৃত্তিৰ প্ৰয়োজনত গ্ৰন্থ সংগ্ৰহ কৰিছে৷ বৰ্ণমালা শিকাৰ পৰা আৰম্ভ কৰি জীৱিকাৰ কোনো এটা বৃত্তিত প্ৰতিষ্ঠা লাভ কৰালৈকে প্ৰয়োজন অনুসৰি স্তৰে স্তৰে মানুহে গ্ৰন্থ সংগ্ৰহ কৰি আহিছে৷ জ্ঞানদানেই যাৰ বৃত্তি অৰ্থাৎ শিক্ষকতাই যাৰ বৃত্তি সেইসকলৰ বাবে আৱশ্যকীয় গ্ৰন্থসমূহ সংগ্ৰহ কৰাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য৷ কিন্তু প্ৰয়োজনত জ্ঞান অৰ্জন কৰাৰ উপৰিও মানুহে জ্ঞান লাভৰ যোগেদি নিজক আৰু বিশ্বক চিনিবৰ বাবে কৰা জ্ঞানাৰ্জনে ব্যৱহাৰিক প্ৰয়োজনৰ ওপৰত গভীৰ আনন্দও দান কৰে৷ তেতিয়া জ্ঞান কেৱল তথ্য জনাৰ স্তৰ অথবা ব্যৱহাৰিক প্ৰয়োজনত কোনো এটা বিষয় জনাৰ স্তৰত ৰৈ নাথাকে৷ জ্ঞান তেতিয়া প্ৰজ্ঞালৈ উন্নীত হয়, ইংৰাজীত যাক আমি Wisdom বুলি কওঁ৷ তথ্যই জ্ঞান নহয়৷ সাধাৰণ জ্ঞানেই মানুহক প্ৰজ্ঞাৱান কৰিব নোৱাৰে৷ যি জ্ঞানে মানুহক অন্তদৃৰ্ষ্টি দান কৰে আৰু জীৱন আৰু জগত সম্পৰ্কে এটা তৰ্কাতীত বোধ দান কৰিব পাৰে সেই জ্ঞানকহে আমি প্ৰজ্ঞাৰ শাৰীত থ’ব পাৰোঁ৷ উচ্ছস্তৰৰ গ্ৰন্থই মানুহক সেই স্তৰলৈ লৈ যাব পাৰে৷ প্ৰজ্ঞাৱান ভাৰতীয় ঋষিসকলে বিদ্যাক দুটা ভাগত ভগাইছিল – পৰাবিদ্যা আৰু অপৰাবিদ্যা৷ পৰাবিদ্যা শেষ স্তৰৰ জ্ঞান য’ত মানুহৰ ব্ৰহ্মবোধ হ’ব পাৰে৷ অপৰাবিদ্যা হ’ল ব্যৱহাৰিক শাস্ত্ৰজ্ঞান৷ সেই শাস্ত্ৰই ভাষাৰ ব্যাকৰণ, অভিধান, ছন্দ, অলংকাৰশাস্ত্ৰ ইত্যাদি সামৰি লৈছে৷ একপ্ৰকাৰ ক’বলৈ গ’লে অপৰাবিদ্যা আছিল পৰাবিদ্যা লাভৰ মাধ্যম৷ সেইবাবে অপৰাবিদ্যা কোনোদিন শেষ লক্ষ্য হোৱা নাছিল৷
মানুহৰ সভ্যতাৰ বিকাশৰ লগে লগে ব্যৱহাৰিক জ্ঞানৰ ক্ষেত্ৰখন ইমান বিশাল হৈ পৰিল যে মানুহে সকলো ব্যৱহাৰিক জ্ঞানৰ সম্ভেদ এটা জীৱনতে পোৱাটো এতিয়া আৰু সম্ভৱ নহয়৷ এতিয়া কোনো একোটা বিষয়ত বিশেষ অৰ্হতা লাভ কৰিবলৈকে একো একোজন মানুহৰ সমগ্ৰ জীৱন কালৰ প্ৰয়োজন হ’ব পাৰে৷ ব্যৱহাৰিক জ্ঞানৰ এই বিস্তাৰৰ ফলত মানুহৰ সভ্যতাই দ্ৰুতভাৱে ৰূপ সলাবলৈ ধৰিছে৷ এনে পৰিৱৰ্তনে ব্যৱহাৰিক জ্ঞানৰ অধিক বাট আকৌ মুকলি কৰি দিছে৷ এটা যেন অন্তহীন যাত্ৰা৷ ব্যৱহাৰিক জ্ঞানৰ এই প্ৰসাৰে গ্ৰন্থৰ গুৰুত্ব বঢ়াই দিছে৷ কিন্তু লগে লগে মানুহৰ ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োগে বৈদ্যুতিন মাধ্যমৰ বিকাশ সাধন কৰাৰ ফলত মুদ্ৰিত গ্ৰন্থৰ উপৰিও এতিয়া বৈদ্যুতিন গ্ৰন্থৰ গুৰুত্ব আৰু ক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটাইছে৷ সেইবাবে অনেকে শংকা প্ৰকাশ কৰে যে মুদ্ৰিত গ্ৰন্থৰ গুৰুত্ব কমি যাব নেকি৷ ভৱিষ্যৎবাণী কৰা সম্ভৱ নহয়; তথাপি ক’ব পাৰি যে বৈদ্যুতিন মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰ অভাৱনীয়ভাৱে সম্প্ৰসাৰিত হ’লেও মুদ্ৰিত গ্ৰন্থৰ প্ৰয়োজন শেষ হৈ যোৱাৰ সম্ভাৱনা সদ্যহতে নাই৷ তাৰ প্ৰধান কাৰণেই হ’ল যে মুদ্ৰিত গ্ৰন্থৰ ব্যৱহাৰৰ সুবিধা বৈদ্যুতিন গ্ৰন্থতকৈ অধিক৷ আমি যেতিয়া কোনো তথ্যৰ সম্ভেদ কৰোঁ তেতিয়া বৈদ্যুতিন গ্ৰন্থই আমাক ততালিকে সহায় কৰিব পাৰে৷ কিন্তু আমি যেতিয়া কোনো বিষয়ৰ শেষ জ্ঞানৰ সন্ধান কৰিব খোজোঁ তেতিয়া তথ্যৰ ওপৰলৈ যোৱাৰ প্ৰয়োজন হয় আৰু তেনে জ্ঞানৰ বাবে আমি হয়তো কেতিয়াবা এটা শব্দৰ সন্ধান কৰিবলৈও বাৰে বাৰে আকৰ গ্ৰন্থখনৰ পাত লুটিয়াবলৈ বিচাৰোঁ৷
ৰসাস্বাদনৰ ক্ষেত্ৰত মুদ্ৰিত গ্ৰন্থৰ গুৰুত্ব অধিক৷ বৈদ্যুতিন গ্ৰন্থ তাৰ সীমিত বৈদু্যতিন শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত৷ সকলো সময়তে, সকলো অৱস্থাতে আমি বৈদ্যুতিন উপায়েৰে সংৰক্ষিত গ্ৰন্থ এখন নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰা অসুবিধাজনক হৈ উঠে৷ সকলো গ্ৰন্থ বৈদ্যুতিন মাধ্যমত পোৱা সম্ভৱো নহয়, আৰু সম্ভৱ হ’লেও তাক ব্যৱহাৰ কৰাৰ উপযুক্ত ব্যৱস্থাও সকলো সময়ত, সকলো অৱস্থাত, সুলভ হোৱাৰ সম্ভাৱনা নাই৷ এনেবোৰ কাৰণে ৰসাস্বাদন কৰিবৰ বাবে যেতিয়া এখন গ্ৰন্থ মুকলি কৰি লোৱা হ’ব বাৰে বাৰে ৰসভংগ হোৱাৰ সম্ভাৱনা থাকিব৷ এতেকে আকৌ মুদ্ৰিত গ্ৰন্থৰ ওচৰলৈ যোৱাৰ ইচ্ছা মানুহৰ প্ৰবল হৈ উঠিব৷
আমাৰ দৰে দেশত বৈদ্যুতিন মাধ্যমৰ ব্যৱহাৰ এতিয়াও অত্যন্ত সীমিত৷ এতেকে আমাৰ দেশত মুদ্ৰিত গ্ৰন্থৰ গুৰুত্ব কমাৰ কোনো সম্ভাৱনা নাই৷ এতিয়াও সেইবাবে মুদ্ৰিত গ্ৰন্থকে আমি গ্ৰন্থৰূপত গ্ৰহণ কৰি আহিছোঁ৷ ভাব হয় সভ্যতাৰ সবোৰ্চ্ছ বিন্দুত থিয় হোৱাৰ পিছতো মুদ্ৰিত গ্ৰন্থৰ গুৰুত্ব নাইকিয়া হৈ নাযাব৷ প্ৰজ্ঞাৰ সন্ধানত আৰু ৰসৰ সন্ধানত মানুহ বাৰে বাৰে মুদ্ৰিত গ্ৰন্থৰ ওচৰলৈ যাব৷
নতুন গ্ৰন্থৰ এটা নিজস্ব গন্ধ আছে৷ মনত পৰে শৈশৱ আৰু কৈশোৰত ডাকযোগে দূৰৰপৰা ক্ৰয় কৰি অনা গ্ৰন্থৰ টোপোলা খোলাৰ সময়ৰ গ্ৰন্থৰ পৰা ওলোৱা সেই পৰিচিত গন্ধটোলৈ৷ সেই সময়ত সেই গন্ধটোৱেই যেন গ্ৰন্থৰ ভিতৰৰ তাৰ বিষয়ৰ সুবাস হৈ ওলাই আহিছিল এনে ভাব হৈছিল৷ শৈশৱ আৰু কৈশোৰৰ সেই ধাৰণাৰ পৰিৱৰ্তন ঘটিল ঠিকেই, কিন্তু তথাপি নতুন গ্ৰন্থৰ যিটো আকৰ্ষণ সেই আকৰ্ষণৰ মাত্ৰা কমি যোৱা নাই৷ সেই আকৰ্ষণ অন্য এটা ৰূপত অন্য এটা মাত্ৰাত সদায় অনুভূত হৈ আহিছে৷ যোৱা শতিকাৰ ষাঠিৰ দশকৰ শেহৰ পৰা অসমত আৰম্ভ হোৱা গ্ৰন্থমেলাই অসমৰ মানুহৰ বাবে সেই সুবাস নতুন ৰূপত কঢ়িয়াই আনিছে৷ লাহে লাহে দেখা গ’ল প্ৰথম অৱস্থাত গুৱাহাটী-কেন্দ্ৰিক গ্ৰন্থমেলাৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰিলে আৰু সমগ্ৰ ৰাজ্যখনত বিভিন্ন মাত্ৰাত বিভিন্ন ঠাইত গ্ৰন্থমেলা আয়োজিত হ’বলৈ ধৰিলে৷ একপ্ৰকাৰ ই এটা নীৰৱ আন্দোলনলৈ ৰূপান্তৰিত হ’ল৷ এই আন্দোলনৰ লগত কেৱল গ্ৰন্থৰ সুৱাসেই জড়িত হৈ থকা নাই ইয়াৰ লগত স্বাভাৱিকভাৱেই আৰু প্ৰয়োজনীয়ভাৱেই জড়িত হৈ পৰিল গ্ৰন্থৰ ব্যৱসায়ৰ বাবে এখন নতুন বজাৰ৷ গ্ৰন্থমেলাৰ আয়োজনৰ সময়ত প্ৰত্যেক ঠাইতে নতুন নতুন গ্ৰন্থ প্ৰকাশৰ আয়োজনে অসমীয়া ভাষা-সাহিত্য বিভিন্ন দৃষ্টিকোণৰ পৰা সমৃদ্ধ হোৱাত সহায় কৰিছে৷ যোৱা কেইটামান দশকৰ ভিতৰত অসমীয়া ভাষাত প্ৰকাশিত গ্ৰন্থৰ সংখ্যাই তুলনামূলকভাৱে দ্ৰুতগতিত বৃদ্ধি পোৱা নাই, গ্ৰন্থসমূহৰ মুদ্ৰণ, অলংকৰণ আদিয়েও এটা পূৰ্বে কল্পনা কৰিব নোৱৰা ৰূপ লাভ কৰিছে৷ যোৱা কেইটামান দশকত এই কথাও প্ৰতিপন্ন হৈছে যে অসমত ব্যৱহাৰিক জ্ঞানৰ কিতাপৰ চাহিদাই কেৱল বৃদ্ধি হোৱা নাই, বৃদ্ধি হৈছে গধূৰ বিষয়ৰ গ্ৰন্থৰ প্ৰতি আকৰ্ষণো, বৃদ্ধি হৈছে ভাল, সৃষ্টিশীল বিষয়ৰ গ্ৰন্থৰ চাহিদাও৷
তথাপি ভয় হয়৷ সেই ভয়টো হ’ল সমগ্ৰ ৰাজ্যখনত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱা দেখি হোৱা ভয়৷ এতিয়া কেৱল গ্ৰামাঞ্চলৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহতে ছাত্ৰ-ছাত্ৰী প্ৰায় পূৰ্বৰ দৰেই আছে৷ কিন্তু নগৰ আৰু নগৰৰ কাষৰীয়া অঞ্চলবোৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি আৰু এনে বিদ্যালয়ৰ প্ৰতি বাঢ়ি অহা আকৰ্ষণ এই দুইটাই অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰ ভৱিষ্যতে ক্ৰমাৎ সংকুচিত কৰি তোলাৰ শংকা হ’বলৈ ধৰিছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাত লিখিত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰা পৰিলক্ষিত হ’বলৈ ধৰিছে৷ ই এটা অশুভ সংকেত দিছে৷ আনকি গ্ৰন্থমেলাসমূহতো এতিয়া নগৰীয়া আৰু নগৰৰ কাষৰীয়া অঞ্চলৰ ল’ৰা-ছোৱালীৰ বাবে ইংৰাজী কিতাপৰ বিপণীসমূহ ঘাই আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠাও দেখা গৈছে৷ ইংৰাজী ভাষা আমাৰ ল’ৰা ছোৱালীয়ে শিকিবই লাগিব৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মাতৃভাষাৰ শিক্ষাৰ বিনিময়ত আমাৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী শিকাটো বাধ্যতামূলক কৰি তুলিব লাগিব৷ ইংৰাজী ভাষাক গুৰুত্বসহকাৰে শিকোৱাৰ ব্যৱস্থা কৰি মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু অভিভাৱক-অভিভাৱিকাসকলৰ বাবেও আকৰ্ষণীয় কৰি তুলিব নোৱাৰিলে এনে এটা ভৱিষ্যৎ আমাৰ বাবে আহিব পাৰে যেতিয়া অসমীয়া ভাষাৰ গ্ৰন্থ ক্ৰয় কৰাৰ ক্ৰেতাৰ সংখ্যা দ্ৰুতগতিত কমি যাব৷ তেতিয়া গ্ৰন্থৰ সুবাস কেৱল ইংৰাজী গ্ৰন্থৰ সুবাস লোৱা পঢ়ুৱৈৰ বাবেই বাঢ়িব৷ তাহানি আনন্দৰাম ঢেকিয়াল ফুকনে অসম দেশৰ মংগলময় দিনৰ বাবে কৃপাময় জগদ্বীশ্বৰক প্ৰাৰ্থনা কৰাৰ দৰে প্ৰাৰ্থনা কৰিবৰ মন গৈছে, ‘‘হে কৃপাময় জগদীশ্বৰ, অসমীয়া ভাষাৰ আৰু অসমীয়া গ্ৰন্থৰ তেনে দুৰ্দিন যেন কেতিয়াও নঘটোৱা’৷





Post a Comment